spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeৰাষ্ট্ৰীয়এইবাৰ চৰকাৰৰ ৰোষত ছনু ছুদ! বাসভৱনত তালাচী আয়কৰ বিভাগৰ

এইবাৰ চৰকাৰৰ ৰোষত ছনু ছুদ! বাসভৱনত তালাচী আয়কৰ বিভাগৰ

মুম্বাই : চৰকাৰৰ ৰোষত পৰিছে বলীউডৰ অভিনেতা ছনু ছুদ। বুধবাৰে ছনু ছুদৰ মুম্বাইস্থিত বাসভৱনত চলিল আয়কৰ বিভাগৰ তালাচী। দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ এক বিশেষ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োজিত হোৱাৰ পাছতে ছনু ছুদৰ বাসগৃহত চলিল আয়কৰৰ এই তালাচী। অৱশ্যে আম আদমী পাৰ্টীত যোগদান কৰা সম্পৰ্কত ছনু ছুদে নিজৰ স্থিতি স্পষ্ট কৰা নাই।

আনহাতে হঠাতে অভিনেতাগৰাকীৰ বাসভৱনত চলা আয়কৰ বিভাগৰ এই তালাচী কাৰ্যত ক্ষোভিত হৈছে অনুৰাগী।
উল্লেখ্য যে ৪৮ বছৰীয়া ছনু ছুদে কোভিডকালত বহুতৰে বাবে ত্ৰাণকৰ্তা হিচাপে ঠিয় দিছিল। লকডাউনৰ ফলত বিভিন্ন স্থানত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰজনক উদ্ধাৰ কৰি নিজ গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল ছনু ছুদে।

তেওঁৰ এই মহানুভৱতাৰ বাবে সমাদ্ৰিত হৈছিল সমগ্ৰ দেশতে। সেয়েহে ছনুৰ বাসভৱনত আয়কৰৰ অভিযানক সহজে ল’ব পৰা নাই বহুতেই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
40 %
Thu
26 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular