spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeমনোৰঞ্জনকংগনাই পদ্মশ্ৰী পালে, আপুনি কিয় নাপালে? এই প্ৰশ্নৰ উত্তৰত কি ক'লে চনু...

কংগনাই পদ্মশ্ৰী পালে, আপুনি কিয় নাপালে? এই প্ৰশ্নৰ উত্তৰত কি ক’লে চনু সুদে?

ডিজিটেল ডেস্কঃ দেশত বৰ্তমান পদ্ম বঁটাক লৈ আলোচনা চলি আছে। বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটক পদ্মশ্ৰী বঁটা প্ৰদান কৰাক লৈ একাংশই তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছে সমালোচনা। একাংশই উত্থাপন কৰিছিল যে পদ্মশ্ৰী সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাবে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।

চনুৱে কৈছিল, তেওঁ কোনো বঁটাৰ বাবে কাম কৰি থকা নাই। তেওঁৰ এটা সেৱামুখী মন আছে যাৰ বাবে তেওঁ মানৱসেৱা কৰি ভালপায়। এতিয়ালৈকে ২২ হাজাৰ ছাত্ৰ-ছাত্ৰীকো সহায় কৰা বুলি কথা প্ৰসংগত উল্লেখ কৰে অভিনেতাগৰাকীয়ে। সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি বুলিও সোধা হৈছিল চনু সুদক। সেই সন্দৰ্ভত তেওঁ কৈছিল, “মই এনেকুৱা এক মঞ্চত যোগদান কৰিব বিচাৰোঁ, য’ত ভৰিখন পিছলৈ টানি ধৰা নহয় আৰু কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই মঞ্চখন ৰাজনৈতিকো হ’ব পাৰে আৰু অৰাজনৈতিকো হ’ব পাৰে।

আৰু পঢ়কঃ পৰ্ণগ্ৰাফীৰ পাছত এইবাৰ প্ৰৱঞ্চনা! পুনৰ নতুন গোচৰত জেৰাৰ সন্মুখীন ৰাজ-শিল্পা

দীৰ্ঘদিন ধৰি চলি থকা কৃষক সমস্যাৰ ওপৰতো মত ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। তেওঁ কয়, ‘মই কৃষকসকলক সমৰ্থন কৰো, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য ন্যায় পোৱা উচিত। আজি আমি যি খাই আছো, তেওঁলোকৰ বাবেই খাব পাৰিছোঁ। উল্লেখ্য যে কৃষক আন্দোলনৰ আৰম্ভণিৰ পৰাই চনুৱে তেওঁৰ সমৰ্থন আগবঢ়াই আহিছে। অৱশ্যে তেওঁ কেতিয়াও চৰকাৰৰ বিৰুদ্ধে একো কোৱা নাই।

কিছুদিন পূৰ্বে চনু সুদৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাইছিল। অভিনেতাজনৰ বিৰুদ্ধে ধন কেলেংকাৰীৰ অভিযোগ উঠিছিল। চনুৱে আয়কৰ বিভাগৰ অভিযানত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু তেওঁ নিৰ্দোষী প্ৰমাণিত হৈছিল। এই সন্দৰ্ভত চনু সুদে কৈছিল, ”এইবোৰ জীৱনৰ পৰীক্ষা। এইবোৰে মোৰ কামত কোনো প্ৰভাৱ পেলাব নোৱাৰে। মই সদায় মানুহৰ সেৱা কৰি যাম..সেয়াই মোৰ ধৰ্ম।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular