spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকভোগালীৰ SOP এক প্ৰহেলিকা! মন্ত্ৰী পত্নীৰ ৰাজহূৱা কিৰিলিয়ে ধোৱাচাঙত তুলিলে ক’ভিড প্ৰ’টকল…

ভোগালীৰ SOP এক প্ৰহেলিকা! মন্ত্ৰী পত্নীৰ ৰাজহূৱা কিৰিলিয়ে ধোৱাচাঙত তুলিলে ক’ভিড প্ৰ’টকল…


ডিজিটেল ডেস্কঃ ‘…বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ’লে বিনাবা কাক?…’ চৌদিশে উখল-মাখল পৰিৱেশ। উদুলি-মুদুলি অসমীয়াৰ গা-মন। নহ’বই বা কিয় ? পদূলিমুখত হেঁপাহৰ বিহুটি। অসমীয়াৰ অতি হেঁপাহৰ, অতি আদৰৰ তিনিটি বিহু। ৰঙেৰে ৰঙালী ব’হাগ বিহু, ভোগৰ ভোগালী মাঘৰ বিহুকে ধৰি কাতিৰ কঙালী বিহুলৈকে কোনো পৰিস্থিতিয়ে ম্লান কৰা নাই মনৰ উচ্ছাস, উদ্যম। পিছে ক’ভিডসৃষ্ট পৰিৱেশে বিগত দুটা বছৰ ধৰি নিষ্প্ৰাণ কৰি আহিছে উদযাপনৰ বতৰ। সেমেকা পৰিৱেশত দূৰ-দূৰণিলৈকে শুনা নাই ঢেঁকীৰ গুম-গুমনি। এইবাৰো নহ’বই নেকি ভোগালীৰ আয়োজন! কিজানিবা সেই আয়োজনেই হৈ পৰে ‘বিহু নহৈ বৰবিহ’!


ক’ভিডক প্ৰতিহত কৰিবলৈ চৰকাৰৰ এখনৰ পিছত আনখন SOP। মহামাৰীৰ বিৰুদ্ধে মানৱজাতিৰ সমৰ সদৃশ প্ৰস্তুতি। এনে সময়ত চৰকাৰৰ আহ্বানক নেওচানো দিয়া যায় কেনেকৈ? এফালে বিহুৰ উন্মাদনা আৰু আনফালে SOPৰ নিৰ্দেশনাঃ দোধোৰ-মোধোৰ অসমীয়া জাতি। পেটত গামোচা বান্ধি কঙালী বিহু পালন কৰা অসমীয়া জাতিৰ বাবে ভোগালীৰ সৈতে আপোচ কৰাটো যেন দুৰূহ। তথাপি ২০২০ চনৰ প্ৰাৰম্ভতে লকডাউন অমান্যকাৰীক দিয়া পুলিচৰ লাঠিৰ কোৱ কেইটা যেন এতিয়াও তিৰাশীৰ নিশাৰ দৰে দুৰ্বিসহ।


ভোগালী বিহুৰ প্ৰাক্ক্ষণত এতিয়া ৰঙিয়াল অসমীয়াৰ মনত অগণিত ক্ষোভ। বঞ্চিত কৰা হৈছে বিহু উদযাপনৰ পৰা। ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সাজু কৰি তোলা হৈছে আটক-ধুনীয়া ভেলাঘৰবোৰ। কিন্তু সেই ভেলাঘৰ নিজম পৰি থাকিব ওৰে নিশা। ১০ বজাৰ পাছত ভেলাঘৰ এৰি ঘৰমুৱা হ’ব লাগিব ডেকাহঁত। এইবাৰো গাঁৱত শুনা নাপাব দূৰৰ পৰা ৰিণিকি-ৰিণিকি ভাঁহি অহা ভেলাঘৰ ৰখীয়া ডেকাহঁতৰ চিঞৰ। কৌটি-কলীয়া পৰম্পৰা এতিয়া গাঁৱৰ পৰাও বহু নিলগত। ৰাজ্য চৰকাৰে নৱবৰ্ষ উদযাপন কৰিবলৈ ৰাইজক সুযোগ দিছিল। শিথিল কৰিছিল SOP। দেশৰ বাকী ৰাজ্যৰ তুলনাত পৃথক আছিল অসম। কিয়নো আন ৰাজ্যবোৰত নৱবৰ্ষ উদযাপনৰ বাবে সংশ্লিষ্ট চৰকাৰে জাৰি কৰিছিল কঠোৰ নিৰ্দেশনা। বৰদিন উদযাপনৰ ক্ষেত্ৰতো নৰম আছিল চৰকাৰৰ স্থিতি। তেনে পৰিস্থিতিত অসমৰ জাতীয় উৎসৱ উদযাপন কৰিবলৈ চৰকাৰ কিয় ইমান কঠোৰ? চৰকাৰে গ্ৰহণ কৰিছে ‘খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা’ নীতি।


সামৰণি পৰিল অসম গ্ৰন্থমেলা। গ্ৰন্থমেলাতো দেখা নগ’ল ক’ভিডৰ নীতি-নিৰ্দেশনা পালন কৰা। চৰকাৰো নিৰ্বিকাৰ! তাৰ সলনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেহে কংগ্ৰেছে উত্থাপন কৰিলে ক’ভিড বিধি উলংঘনৰ অভিযোগ। এফালে চৰকাৰৰ কঠোৰ SOP, আৰু আনফালে মন্ত্ৰী-পত্নীৰ ৰাজহুৱা স্থানত ক’ভিড বিধি উলংঘন, যাৰ বাবে এতিয়া খৰ্গহস্ত সাধাৰণ জনতা। SOP, ক’ভিড নীতি কেৱল মাত্ৰ খাৰখোৱা অসমীয়া সাধাৰণ জনতাৰ বাবেহে নেকি?

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে চহা গাঁৱলীয়া লোক। কিয়নো চৰকাৰে অনুমতি দিয়া অসম গ্ৰন্থমেলা, বৰদিন উদযাপন, নৱবৰ্ষ উদযাপন আদি হৈ পৰিল ক’ভিড সংক্ৰমণৰ উল্লেখযোগ্য কাৰণ। ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহা ক’ভিডৰ সংক্ৰমণ চৰকাৰৰ এনে সিদ্ধান্তৰ পাছতেই দ্ৰুত হাৰত পুনৰ বৃদ্ধি পোৱা দেখা গ’ল। ইয়াৰোপৰি শেহতীয়াকৈ হৈ যোৱা অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকো চিহ্নিত হৈ পৰিছে ক’ভিডৰ এক লেখত ল’বলগীয়া হ’টস্পট হিচাপে। সেই বৈঠকত অংশ লোৱা একাধিক আৰক্ষী অধীক্ষক, উপ মহা-পৰিদৰ্শক ক’ভিডত আক্ৰান্ত হৈছে।
যি বিহুৰ বাবে সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা প্ৰবাসী অসমীয়া এজনো অধীৰ আগ্ৰহেৰে বাট চাই থাকে, দুখীয়া-নিচলা এজনেও কষ্টোপাৰ্জিত ধনেৰেই উদযাপনৰ আশাৰে থাকে, সেই অসমীয়াক আজি অসমীয়া মানুহেৰে পৰিচালিত চৰকাৰেই উদযাপনৰ পৰা বাৰণ কৰি বৰদিন, নৱবৰ্ষ উদযাপনৰ সুবিধা দিছে। চৰকাৰৰ এনে পক্ষপাতমূলক সিদ্ধান্তৰ প্ৰতি এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular