spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়SOP বিড়ম্বনাঃ কি হ'ব সাংস্কৃতিক জগতৰ তৰু-তৃণৰ!

SOP বিড়ম্বনাঃ কি হ’ব সাংস্কৃতিক জগতৰ তৰু-তৃণৰ!

ডিজিটেল ডেস্কঃ জিন্দাবাদ জিন্দাবাদ… ঘৰত থাকক, সুস্থ থাকক; দলে-বলে ওলাই আহক, ভোটদান কৰক! ৰিম’ট কণ্ট্ৰ’লড ক’ভিড-১৯(?) একবিংশ শতিকাৰ কাৰিকৰীভাৱে সুসজ্জিত মানৱ সমাজে এটা বিন্দুলৈ পৰ্যবসিত কৰিছে বিশালকায় পৃথিৱীখন। মানুহৰ অসাধ্য সাধন কৰিছে মানৱসৃষ্ট ৰবটে। আনকি কৃত্ৰিম সূৰ্য উদ্ভাৱনৰ চিন্তা-চৰ্চা কৰিছে মানুহে! কিন্তু এটা মহামাৰীয়ে তচনচ কৰিছে পৃথিৱী, দৰ্পচূৰ্ণ কৰিছে আজিৰ ছফিষ্টিকেটেড মানৱ সমাজৰ। মৃত্যু উপত্যকাত পৰিণত কৰিছে চিকিৎসা বিজ্ঞানৰ শীৰ্ষাৰোহণকাৰী দেশসমূহৰ। ক’ভিডৰ আগত নতজানু চিকিৎসক-বিজ্ঞানী।

কিন্তু ৰাজনীতিৰ লগত ইয়াৰ কি সম্পৰ্ক! চৰকাৰ ঘোষিত লকডাউনত দৰৱ আনিব গৈও পুলিচৰ লাথিৰ কোবত চিৰাচিৰ হয় সাধাৰণ জনতাৰ পিঠি। তাৰ পাছত নিৰ্বাচন আহিলেই অৱসৰ বিনোদনত যায় কৰ’না! নাই ক’ভিড নীতি, হোৰাহোৰে ওলাইছে জনতা। গঠন হ’ল চৰকাৰ, সক্ৰিয় হ’ল ক’ভিড। সাপ্তাহিকভাবে ওলাইছে SOP, এডজাষ্ট কৰিছে ভোটদাতাই। লাহে লাহে শিথিলতা আহিছে।

কিন্তু সাংস্কৃতিক জগতৰ লগত জড়িত মানুহখিনিৰ খবৰ ৰাখিছেনে নিৰ্বাচনৰ সময়ত লাখ লাখ মানুহ একত্ৰিত কৰা ৰজাঘৰীয়াই? পেটত গাঁঠি দিয়া গামোচাখনো ছিগি গৈছে বহুতৰ। উপায়ন্তৰ হৈ কোনোৱে যদি পাছলি বেচিছে, কোনোৱে কাটিছে মাংস। শিল্পীসমাজে প্ৰশ্ন কৰিছে যদি ৰাজনৈতিক সভা, নিৰ্বাচনী ৰেলী পাতিব পাৰি তেন্তে সাংস্কৃতিক অনুষ্ঠানত নিষেধাজ্ঞাৰ যুক্তি ক’ত? কি কৰি পেট প্ৰবৰ্তাব অসমৰ সাংস্কৃতিক জগতৰ হাজাৰ হাজাৰ লোকে? আশা-ভৰসাৰ একমাত্ৰ থল চৰকাৰ। সকলো অপেক্ষাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অচ্ছে দিনৰ…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular