Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকমুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

গুৱাহাটী : আজি খানাপাৰাত অনুষ্ঠিত হয় অসমৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ দৃশ্য শ্ৰৱ্য বাহনৰ শুভ উদ্বোধনী অনুষ্ঠান৷ য’ত দৃশ্য শ্ৰৱ্য বাহনৰ জৰিয়তে অসমৰ ১২৬ সমষ্টিলৈ গৈ ৰাইজৰ মতামত সংগ্ৰহ কৰিব বিজেপিয়ে। পিছে বিজেপিৰ এই বিশাল আয়োজন বিসংগতি দেখুৱালে ছাউণ্ড ছিষ্টেমে৷

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণৰ মাজতে বন্ধ হৈ পৰিল মাইকটো, যাৰ ফলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ ছাউণ্ড ছিষ্টেমটো খুলি দিবলৈ কোৱাৰ লগতে দলীয় কৰ্মীলৈ মুখ্যমন্ত্ৰীয়ে সকিয়নী প্ৰদান কৰি কয় যে নিৰ্বাচন আহি আছে ইমান নীৰৱে নাথাকিব৷

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কুইন ওজা, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ অসমৰ ৰাইজৰ মতামতৰ ভিত্তিতে, ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰি উলিয়াব ২০২১ৰ নিৰ্বাচনী ইস্তাহাৰ৷ ইস্তাহাৰ প্ৰস্তুতৰ প্ৰাকক্ষণত জনসাধাৰণৰ মত ল’বলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ যাৰ বাবে সমগ্ৰ অসমত আজি দৃশ্য শ্ৰৱ্য বাহন মুকলি কৰা হ’ব৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular