spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়াটি-২০ বিশ্বকাপত ভাৰতে কিয় ল’লে নতুন জাৰ্ছী? কি কয় সৌৰভে?

টি-২০ বিশ্বকাপত ভাৰতে কিয় ল’লে নতুন জাৰ্ছী? কি কয় সৌৰভে?

নতুন দিল্লীঃ বুধবাৰে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্ছী মুকলি কৰা হৈছে। টি-২০ বিশ্বকাপত ভাৰতে পৰিধান কৰিব নতুন জাৰ্ছী। ভাৰতীয় সমৰ্থকৰ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। উল্লেখ্য যে, কেবল বিৰাট বাহিনীয়েই নহয়, ভাৰতীয় মহিলা ক্ৰিকেট দলেও পৰিধান কৰিব নতুন জাৰ্ছী। ঊনৈশ অনুৰ্ধৰ ভাৰতীয় দলৰ বাবেও উপলব্ধ হ’ব নতুন জাৰ্ছী। লাখ লাখ ভাৰতীয় সমৰ্থকে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে অধীৰ অপেক্ষাৰ বাট চাইছে।

ভাৰতীয় সমৰ্থকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নতুন জাৰ্ছী মুকলি কৰা হৈছে। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়, ‘ভাৰতীয় দলৰ বাবে কেবল দেশৰ সমৰ্থক আছে তেনে নহয়। সমগ্ৰ বিশ্বতে ভাৰতীয় দলৰ সমৰ্থক আছে। তেওঁলোকৰ উৎসাহ, উল্লাস তুলি ধৰিছে এই নতুন জাৰ্ছীয়ে। মোৰ বিশ্বাস নতুন জাৰ্ছীয়ে টি-২০ বিশ্বকাপত দলটোক উৎসাহিত কৰিব।’ নতুন জাৰ্ছীক লৈ উৎসাহী কোহলীও। কোহলীয়ে কয়, ‘সমৰ্থকসকলৰ আমাৰ প্ৰতি থকা শ্ৰদ্ধাই প্ৰতিফলিত হৈছে নতুন জাৰ্ছীত।বেশ আকৰ্ষণীয় এই জাৰ্ছী।এই জাৰ্ছী পৰিধান কৰি উৎকৃষ্ট প্ৰদৰ্শন তুলি ধৰিবলৈ চেষ্টা কৰিম।নতুন জাৰ্ছীত কোটি কোটি সমৰ্থকৰ ওচৰত নিজকে প্ৰস্ফুতিত কৰি তুলিব পাৰিম।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular