spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeক্ৰীড়াশাস্ত্ৰীৰ আপদ! ‘দ্য ৱাল’ৰ চৰ্চা, কি কয় দাদাই ?

শাস্ত্ৰীৰ আপদ! ‘দ্য ৱাল’ৰ চৰ্চা, কি কয় দাদাই ?

নতুন দিল্লীঃ সমাগত সময়। মাজত মাথো আৰু কেইটামান মাহ। টি-২০ বিশ্বকাপৰ পাছতেই গাদী এৰিব লাগিব ৰবি শাস্ত্ৰীয়ে। ২০১৭ চনত অনিল কুম্বলেৰ পৰিৱৰ্তে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল ৰবি শাস্ত্ৰীয়ে। প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছৰে পৰা কোহলিৰ সৈতে মিলি এটাৰ পাছত এটা সাফল্য কঢি়য়াই আনিছে ভাৰতে। ২০১৯চনৰ বিশ্বকাপৰ পাছত ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষকৰ ম্যাদ উকলিছিল। অৱশ্যে, ব’ৰ্ডৰ উপদেষ্টা সমিতিয়ে শাস্ত্ৰীক পুনৰবাৰ প্ৰশিক্ষকৰ দ্বায়িত্ব প্ৰদান কৰে। কিন্তু এইবাৰ বিশ্বকাপৰ পাছতেই দলৰ প্ৰশিক্ষকৰ দ্বা‌য়িত্বভাৰ এৰিব লাগিব শাস্ত্ৰীয়ে। শাস্ত্ৰীৰ অৱসৰৰ পাছত কোন হ’ব ভাৰতীয় দলৰ প্ৰশিক্ষক? পৰৱৰ্তী সম্ভাৱ্য মূখ্য প্ৰশিক্ষক হিচাপে ইতিমধ্যে উল্লেখিত হৈছে একাধিক তাৰকাৰ নাম। ইয়াৰ ভিতৰত অন্যতম ৰাহুল দ্ৰাবিড়।


উল্লেখ্য যে, ভাৰতীয়-এ দল তথা যুৱ দলটোক বিগত কেইবা বছৰধৰি প্ৰশিক্ষণ দি আহিছে এসময়ৰ মিষ্টাৰ ডিপেণ্ডেপল গৰাকীয়ে। বৰ্তমানৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ বেঞ্চৰ শক্তিয়েও ন-উদ্যমেৰে উজলি উঠিছে। ইয়াৰ বাবে ৰাহুল দ্ৰাবিড়ৰ কৃতিত্বৰ শলাগ নলৈ নোৱাৰি। কেইমাহমান পূৰ্বে ৰবি শাস্ত্ৰীৰ অনুপস্থিতিত দ্বিতীয় শাৰীৰ প্ৰশিক্ষক হিচাপে শ্ৰীলংকালৈ ৰাওনা হৈছিল ৰাহুল দ্ৰাবিড়। তেনেক্ষেত্ৰত ৰাহুল দ্ৰাবিড়েই ভাৰতীয় দলৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে নিযুক্তি্ লাভ কৰিব বুলি গুজৱ উঠিছে।

ইফালে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে প্ৰদান কৰা এক সাক্ষাত্‍কাৰত সদৰী কৰে যে, ‘ভাৰতীয় দলৰ মূখ্য প্ৰশিক্ষক হ’বলৈ আগ্ৰহী নহয় দ্ৰাবিড়। যদিও ৰাহুল দ্ৰাবিড়ৰ সৈতে ব’ৰ্ডে আলোচনাত মিলিত হোৱা নাই। কিন্তু প্ৰশিক্ষকৰ দ্বায়িত্ব গ্ৰহণৰ বাবে যে দ্ৰাবিড় আগ্ৰহী নহয় সেয়া বুজিবলৈ পাৰিছো। সঠিক সময়ত এই বিষয়ে আমি আলোচনা কৰিম।’ শাস্ত্ৰীৰ অৱসৰৰ পাছত ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কোনে নিযুক্তি লাভ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular