spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়াবিৰাট কোহলীক তুলাধুনা সৌৰভ গাংগুলীৰ, কিয় খং উঠিছে দাদাৰ?

বিৰাট কোহলীক তুলাধুনা সৌৰভ গাংগুলীৰ, কিয় খং উঠিছে দাদাৰ?

নতুন দিল্লীঃ অলপতে সামৰণি পৰা টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হ’বলগীয়া হৈছিল বিৰাট বাহিনীয়ে। প্ৰথম দুখন খেলত পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পাছতে ভাৰতৰ বিদায়ৰ পথ প্ৰশস্ত হৈ পৰিছিল। বিৰাট বাহিনীৰ সেই প্ৰদৰ্শনক সাম্প্ৰতিক সময়ৰ আটাইতকৈ দুৰ্বল প্ৰদৰ্শন বুলি অভিহিত কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। বিগত ৪-৫বছৰত ভাৰতে এনে প্ৰদৰ্শন আগবঢ়োৱা নাছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতিজনে শেহতীয়াকৈ এটা অনুষ্ঠানত এই মন্তব্য কৰিছে। সৌৰভে কয়, ‘দৰাচলতে, ভাৰতে ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০১৯ৰ এদিনীয়া বিশ্বকাপত খুব এটা বেয়া প্ৰদৰ্শন আগবঢ়োৱা নাছিল। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত।

এদিনীয়া বিশ্বকাপত আটাইকেইখন খেল ভালদৰে খেলি ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল।’ কিন্তু বিশ্বকাপত কোহলী ব্ৰিগেডৰ প্ৰদৰ্শনক লৈ মুঠেও সুখী নহয় সৌৰভ গাংগুলী। তেওঁ কয়, ‘টি-২০ বিশ্বকাপত আমি যিধৰণে খেলিছিলো তাক লৈ মই হতাশ হৈছো। আমি বিগত ৪-৫ বছৰত ইমান বেয়া খেল খেলা নাই। এনেকুৱা লাগিছিল যেন ক্ৰিকেটাৰসকলে স্বতন্ত্ৰভাৱে খেলিব পৰা নাছিল। কেতিয়াবা ডাঙৰ প্ৰতিযোগিতাত এনে হয়। মই ভাবো দলটোৱে টুৰ্ণামেণ্টখনত নিজৰ ফালৰ পৰা মাত্ৰ ১৫ শতাংশহে দিছিল। স্মৰ্তব্য যে, টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পাকিস্তানৰ হাতত ১০ উইকেটত পৰাজিত হৈ নতুন অভিলেখ গঢ়ি্ছিল ভাৰতে। পৰৱৰ্তী খেলখনতো প্ৰত্যাশিত বিজয় লাভ নকৰিলে, নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত হৈছিল ভাৰত। পৰৱৰ্তী তিনিখন খেলত ভাৰতে আফগানিস্তান, স্কটলেণ্ড আৰু নামিবিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলেও ছেমিফাইনেলত উপনীত হ’ব নোৱাৰিলে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular