spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআন্তঃৰাষ্ট্ৰীয়বিশ্বজুৰি চৰ্চা! নিৰ্মাণ হ’ব বিশ্বৰ প্ৰথমখন ওপঙা চহৰ; ক’ত?

বিশ্বজুৰি চৰ্চা! নিৰ্মাণ হ’ব বিশ্বৰ প্ৰথমখন ওপঙা চহৰ; ক’ত?

ডিজিটেল ডেস্কঃ ওপঙি থাকিব এখন চহৰ। বিশ্বৰ প্রথম ওপঙা চহৰ নির্মাণ হ’বলৈ গৈ আছে। ক’ত জানেনে? দক্ষিণ কোৰিয়াত নিৰ্মাণ হ’ব বিশ্বৰ প্রথম ওপঙা চহৰ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু সাগৰীয় জলপৃষ্ঠ বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব পৰা সংকট দূৰ কৰিবলৈ দক্ষিণ কোৰিয়াই ওপঙা চহৰ নির্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ওপঙা চহৰখন নির্মাণত স্থানীয় উৎসৰ সামগ্রী ব্যৱহাৰ কৰা হ’ব

দক্ষিণ কোৰিয়াৰ এই সিদ্ধান্তত ৰাষ্ট্রসংঘয়েও জনাইছে সহযোগিতা। দক্ষিণ কোৰিয়াৰ উপকূলীয় বুছানত ওপঙা চহৰ নির্মাণৰ প্রস্তুতি সম্পূর্ণ হৈছে৷ সম্পূর্ণ বানপ্রুফ পদ্ধতিত নিৰ্মাণ হ’ব ওপঙা চহৰখন। ২০২৫ চনত নির্মাণ সম্পূর্ণ হৈ উঠিবলগীয়া চহৰখনৰ নির্মাণৰ বাবে ব্যয় হ’ব ২০০ মিলিয়ন মার্কিন ডলাৰ৷

আৰু পঢ়কঃ কেন্সাৰৰ সৈতে যুঁজ; তাৰমাজতো ‘ইণ্ডিয়াজ গট টেলেণ্ট’ৰ বিচাৰক হ’ল কিৰণ খেৰ

৭৫ হেক্টৰৰ ওপৰত হ’বলগীয়া ওপঙা চহৰখনৰ বাসিন্দা হ’ব ১০ হাজাৰ লোক৷ এই চহৰত সৌৰ পেনেলৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হ’ব। দ্বীপপুঞ্জৰ মাজত সম্পূৰ্ণঁ ৰূপে নেটৱর্কৰ ব্যৱস্থা থাকিব। চহৰখনৰ বাসিন্দাসকলে পেডেল নাৱেৰে যাতায়াত কৰিব পাৰিব আৰু বেলেগ ঠাইৰ মানুহেও তালৈ পেডেল নাৱেৰে যাব পাৰিব৷ ইয়াৰ জৰিয়তেই খাদ্য আৰু বিশুদ্ধ পানীও উৎপাদন কৰিব পৰা যাব৷ চহৰখনত বাসিন্দাসকলে ভাড়াতীয়া হিচাপে থাকিব নে নিজাববীয়াকৈ গৃহ ক্রয় কৰি থাকিব পাৰিব সেই সন্দর্ভত কোনো তথ্য এতিয়া মুকলি কৰা নাই৷ এতিয়া মাঁথো ২০২৫চনলৈ অপেক্ষা। ওপঙা চহৰৰ বাসিন্দা হবলৈ বহু লোকেই আগ্ৰহ প্ৰকাশ কৰিছে। বিশ্বজুৰি এই চহৰটোৱে ব্যাপক চর্চা লাভ কৰিছে৷ উল্লেখ্য যে ওপঙা চহৰখনৰ জৰিয়তে দক্ষিণ কোৰিয়াৰ পৰ্যটন উদ্যোগটোও শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular