spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকঅসমৰ ক্ৰীড়া উত্তৰণৰ বাবে ১০০০ কোটি টকা ঘোষণা...

অসমৰ ক্ৰীড়া উত্তৰণৰ বাবে ১০০০ কোটি টকা ঘোষণা…

গুৱাহাট: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ৷ আজি অনুষ্ঠিত হোৱা ‘SPORTSTAR’ৰ-নৰ্থ ইষ্ট স্পৰ্টছ কনক্লেভত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ক্ৰীড়া উত্তৰণৰ বাবে ১০০০ কোটি টকা ঘোষণা কৰে৷ ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে৷ গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা স্পৰ্টছষ্টাৰ নৰ্থ ইষ্ট স্পৰ্টছ কনক্লেভৰ এদিনীয়া কৰ্মশালাখনত দেশৰ বহু তাৰকা খেলুৱৈ, সংগঠকে অংশ লয়। এই কনক্লেভত মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী ৰৱাৰ্ট ৰয়ট, অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই, কথাজিৎ সিং, অলিম্পিয়ান জয়ন্ত তালুকদাৰো অংশগ্ৰহণ কৰে।

আৰ্চাৰ জয়ন্ত তালুকদাৰে আগন্তুক পেৰিছ অলিম্পিকৰ প্ৰস্তুতি সম্পৰ্কতো সকলোকে অৱগত কৰে। ভিডিঅ’ কনফাৰেন্স যোগে তাৰকা ফুটবলাৰ বাইচুং ভূটিয়া, মীৰাবাই চানুৱেও অংশ লয়।

কনক্লেভৰ আৰম্ভণিতে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী ৰৱাৰ্ট ৰয়টে আৰু অসমৰ ছাত্ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিৱ পবিত্ৰ মাৰ্ঘেৰিটা, মেঘালয়ৰ লাৰছেন মিং ক্ৰীড়া উত্তৰনৰ ওপৰত আলোকপাত কৰে। ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ বাবে দিব ১ হাজাৰ কোটি টকা ঘোষণা কৰি এই ধন আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular