spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeক্ৰীড়াবিদায় বেলাত জোতা প্ৰসংগ! কিয় উচুপি উঠিল মালিংগা?

বিদায় বেলাত জোতা প্ৰসংগ! কিয় উচুপি উঠিল মালিংগা?

নতুন দিল্লীঃ ক্ৰিকেটৰ পথাৰত আকৰ্ষণীয় বলিং একচনেৰে লাচিথ মালিংগাক আৰু দেখিবলৈ নাপাব ক্ৰীড়ানুৰাগীয়ে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ শ্ৰীলংকাৰ কিংবদন্তি ক্ৰিকেটাৰ লাচিথ মালিংগাৰ। ইয়াৰ পূৰ্বে ২০১৯ চনত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। সম্প্ৰতি শ্ৰীলংকাৰ তাৰকা পেচাৰগৰাকীয়ে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লৈছে। উল্লেখ্য যে, শ্ৰীলংকাই ২০১৪ চনত মালিঙ্গাৰ অধীনত টি-২০ বিশ্বকাপত জয় লাভ কৰিছিল। বিধ্বংসী পেছাৰগৰাকীয়ে ৮৪ খন টি-২০ত ১০৭ টা উইকেট দখলেৰে বিশ্বৰ শীৰ্ষ পেচাৰ হিচাপে সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ শ্ৰীলংকাৰ কিংবদন্তি ক্ৰিকেটাৰ লাচিথ মালিংগাৰ

ইয়াৰোপৰি, আন্তৰ্জাতিক ক্ৰিকেটত ৫টা হেট্ৰিককাৰী মালিংগাই ৪টা বলত ৪টা উইকেট দখলৰ বিৰল কৃতিত্বও অৰ্জন কৰিছে। আনহাতে, বিশ্বৰ শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ ছাকিব আল হাছানে ১০৬টা উইকেট দখলেৰে দ্বিতীয় স্থানত আছে। শেহতীয়াকৈ লাচিথ মাঠলিংগাই তেওঁৰ ইউ টিউব চেনেলত এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোৰ কেপচনত তেওঁ লিখিছে যে, ‘মোৰ জোতাযোৰে বিশ্ৰাম ল’লেও খেলৰ প্ৰতি থকা মোৰ প্ৰেম কেতিয়াও ম্লান নপৰে। যিসকলে মোৰ এই দীঘলীয়া যাত্ৰাত অনুপ্ৰেৰণা যোগাইছে তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ।’ অনাগত সময়ত দলটোৰ যুৱ ক্ৰিকেটাৰসকলৰ সৈতে অভিজ্ঞতাৰ ভাগ-বতৰা কৰি যোৱাৰ আশাও ব্যক্ত কৰে তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে।

মোৰ জোটাযোৰে বিশ্ৰাম ল’লেও খেলৰ প্ৰতি থকা মোৰ প্ৰেম কেতিয়াও ম্লান নপৰে …


উল্লেখ্য যে, মালিঙ্গাই ইয়াৰ পূৰ্বে ২০১১ চনৰ ২২ এপ্ৰিলত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। ২৬ জুলাই, ২০১৯চনত এদিনীয়া খেলৰ পৰা অৱসৰ লয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। লাচিথ মালিংগাই শ্ৰীলংকাৰ হৈ ৩০ খন টেষ্টত ১০১ টা উইকেট দখল কৰাৰ লগতে ২২৬ খন এদিনীয়াত ৩৩৮ টা উইকেট দখলেৰে গীৰ্ঘ সময়ৰ বাবে শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰি আহিছে। ইফালে অক্টোবৰ-নৱেম্বৰত আৰৱ আমিৰাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে মালিঙ্গাৰ অৱসৰৰ প্ৰভাৱ যে পৰবি তাক নুই কৰিব নোৱাৰি। তাৰকা ক্ৰিকেটাৰ গৰাকীক পুনৰ খেলপথাৰত দেখা নাপালেও তেওঁৰ অৱদানৰ কথা আজীৱন সুঁৱৰিব ক্ৰীড়া প্ৰেমীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular