spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeক্ৰীড়াভাৰতীয় শিবিৰত স্বস্তিৰ নিশ্বাস: আজি ভাৰত-শ্ৰীলংকাৰ ২য় টি-২০

ভাৰতীয় শিবিৰত স্বস্তিৰ নিশ্বাস: আজি ভাৰত-শ্ৰীলংকাৰ ২য় টি-২০

কলম্বো: শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত কাল কৰ’নাৰ তাণ্ডৱ! কৰ’নাত আক্ৰান্ত ক্ৰুণাল পাণ্ডিয়া। এই খবৰ পোহৰলৈ অহাৰ লগে লগে পাণ্ডিয়াৰ সংস্পৰ্শলৈ অহা ৮জন খেলুৱৈক আইছ’লেশ্যনত থকাৰ পৰামৰ্শ দিয়া হৈছিল। মঙলবাৰে ৮জন খেলুৱৈৰ পুৱা কৰ’না পৰীক্ষা কৰা হয়। জানিবলৈ পোৱা মতে, তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে। উল্লেখ্য যে, ক্ৰুণাল পাণ্ডিয়া কৰ’নাক্ৰান্ত হোৱাৰ বাবেই বাতিল কৰা হৈছিল ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় টি-২০ খেলখন।

শেহতীয়াকৈ কৰ’না ফলাফল নিগেটিভ অহাত স্বস্তিৰ নিশ্বাস পেলাইছে দলটোৱে। অৱশ্যে শ্ৰীলংকাৰ কোনো খেলুৱৈ এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হোৱা নাই। তথাপি, সুৰক্ষাজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দলৰসমূহ সদস্যকে কৰ’না পৰীক্ষা কৰা হ’ব। ইতিপূৰ্বে, ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথম খেল চলাকালীন শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী কৰ্মী কৰ’নাক্ৰান্ত হৈছিল। লগে লগে প্ৰেমদাছা ষ্টেডিয়ামৰ ‘প্ৰেছ বক্স’ বন্ধ কৰি দিয়া হৈছিল। ভাৰতীয় সময় অনুসৰি বাতিল হোৱা খেলখন আজি নিশা ৮বজাত অনুষ্ঠিত হ’ব। ৩খন শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular