কোভিডৰ চিকাৰ হ’ল হিমা দাস

0
3869
হিমা
কোভিডৰ চিকাৰ হ’ল হিমা দাস

ডিজিটেল ডেস্কঃ দেশৰ তাৰকা এথলীট হিমা দাসৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি৷ সম্প্ৰতি পাটিয়ালাত আছে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস।টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা হিমা দাসে প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবলৈ পাটিয়ালাত আছিল। হিমাৰ এগৰাকী প্ৰশিক্ষকে কয় যে, ‘‘হিমা দাস ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীত আছিল।১০ অক্টোবৰত তেওঁ পাটিয়ালালৈ আহিছিল। পাটিয়ালালৈ আহিয়েই অলপ ক্লান্তি অনুভৱ কৰিছিল হিমাই। কোভিডৰ পৰীক্ষা কৰাত হিমাৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰে।’’

এই সন্দৰ্ভত হিমাৰ মিডিয়া মেনেজাৰে কয় যে, ‘‘ভয় কৰিব লগীয়া একো নাই। তেওঁ সম্পূৰ্ণৰূপে ফিট।’’ উল্লেখ্য যে পাটিয়াালাস্থিত ছাইত পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল হিমাই।