spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকদেশৰ স্বাস্থ্যখণ্ডত নজিৰবিহীন ঘটনা! অসমত চৰকাৰী চিকিৎসকৰ বিদ্ৰোহ

দেশৰ স্বাস্থ্যখণ্ডত নজিৰবিহীন ঘটনা! অসমত চৰকাৰী চিকিৎসকৰ বিদ্ৰোহ

দেশৰ স্বাস্থ্যখণ্ডত নজিৰবিহীন ঘটনা। অসমৰ ছখন মেডিকেল কলেজৰ ৩৯ বিশেষজ্ঞ চিকিৎসক, সহ-অধ্যাপকে ল’লে স্বেচ্ছামূলক অৱসৰ। ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডলৈ এয়া নিশ্চয়কৈ ভয়ংকৰ দুঃসংবাদ। চৰকাৰ বিৰুদ্ধে এয়া চিকিৎসকসকলৰ বিদ্ৰোহ নেকি বুলিও উঠিছে প্ৰশ্ন। ৰাজ্যৰ ৩৯ বিশেষজ্ঞ চিকিৎসক, সহ-অধ্যাপকৰ স্বেচ্ছামূলক অৱসৰকলৈ এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। চিকিৎসক কেইগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৭, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১০, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ৬, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৪ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ এগৰাকী চিকিৎসকে এৰিলে চৰকাৰী সেৱা।

এই চিকিৎসকসকলৰ একাংশই ২০১৬, ২০১৭, ২০১৮ বৰ্ষৰ পৰা প্ৰযোজ্য হোৱাকৈ স্বেচ্ছামূলক অৱসৰ লৈছে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবে এক জাননীযোগে এই ৩৯ গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰৰ আবেদন গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। যি সময়ত ক’ভিড মহামাৰীৰ তৃতীয় ঢৌৰ আশংকা অব্যাহত আছে সেই সময়তে ৩৯গৰাকীকৈ চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ নিশ্চয়কৈ অশনি সংকেত প্ৰদান কৰিছে। এই চিকিৎসকসকলৰ নিশ্চয়কৈ চৰকাৰী স্বাস্থ্যসেৱাৰ প্ৰতি মোহভংগ ঘটিছে নহ’লে এই সিদ্ধান্ত লোৱাৰ কোনো যুক্তি নাই। এতিয়া আহো চৰকাৰী স্বাস্থ্যখণ্ডৰ প্ৰসংগলৈ।

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডলৈ আমূল পৰিৱর্তন অহা বুলি সময়ে সময়ে দাবী কৰি আহিছে৷ কিন্তু অতি ভিতৰুৱা আৰু পিছপৰা অঞ্চলৰ লোকে যে প্রকৃততে চৰকাৰী চিকিৎসা সেৱা লাভ কৰা নাই সেয়া সকলোৰে জ্ঞাত৷ কেৱল চহৰ, নগৰত চিকিৎসা সেৱাৰ উত্তৰণ ঘটালেই জানো হ’ব? এতিয়াও ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চলৰ লোকে ৰোগীক ঠেলা, গৰুগাড়ীৰে কেইবা কিল’মিটাৰ পথ অতিক্রম কৰি কঢ়িয়াই নিবলগীয়া হয়। উল্লেখ্য যে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্রায় ৮৬ শতাংশ লোক গ্রামাঞ্চলত বাস কৰে আৰু গ্রামাঞ্চলৰ প্রকৃত উন্নয়ন হ’লেহে ৰাজ্যৰ সামগ্রিক স্বাস্থ্যখণ্ডৰ উন্নয়ন হ’ব৷ চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সর্বাংগীণ উন্নয়ন, বিকাশ হোৱাৰ কথা উল্লেখ কৰি আহিলেও ৰাজ্যত এতিয়াও বহু এনে অঞ্চল আছে য’ত আজিও চৰকাৰী চিকিৎসা সেৱাই ঢুকি পোৱা নাই৷ ফলত প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় বা চিৰদিন অসুস্থ হৈ ৰয়৷ চিকিৎসাৰ অভাৱৰ বাবে বহু সময়ত বহু লোকে প্রাণ হেৰুৱাই আহিছে৷

অসম বিধানসভাৰ আলোচনাৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যে সমগ্ৰ ৰাজ্যত ১০০০ খন নতুন চিকিৎসালয় স্থাপন কৰা হ’ব। নতুন চিকিৎসালয় স্থাপন কৰাটো নিশ্চয়কৈ সুখবৰ। কিন্তু পূৰ্বৰে পৰা থকা চৰকাৰী চিকিৎসালয়সমূহ সুকলমে চলি থকাত চৰকাৰৰ জানো কৰণীয় নাই? সময়ে সময়ে চৰকাৰী চিকিৎসালয়সমূহৰ পুতৌ লগা অৱস্থা উন্মোচিত হৈ আহিছে। অসমত বৰ্তমান ৮খন চিকিৎসা মহাবিদ্যালয় আছে। যদি আমি যোৰহাট বা ডিব্ৰুগড়লৈকে চাও তেতিয়া দেখিম যে তাত চিকিৎসা মহাবিদ্যালয় আছে কিন্তু তাতো উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধা নাই। কোনো ৰোগী বা কোনো আহত লোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হ’লেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰিছে যদিও এতিয়াও বহু চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ৷ চৰকাৰী চিকিৎসালয়সমূহত নিযুক্ত চিকিৎসকৰ দৰমহা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন চিকিৎসালয়সমূহৰ চিকিৎসকৰ তুলনাত যথেষ্ট কম হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহত নিযুক্ত চিকিৎসকৰ তুলনাতো যথেষ্ট কম। যাৰ ফলত দুবছৰ গ্ৰাম্য অঞ্চলত সেৱা আগবঢ়োৱাৰ পাছত অধিকসংখ্যক চিকিৎসকে চৰকাৰী খণ্ড এৰি ব্যক্তিগতখণ্ডলৈ যায়।

কিছুদিন পূৰ্বে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাই।১৪টা দীর্ঘদিনীয়া দাবীৰ সমাধান বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল সংস্থাটোৱে। গতিকে এইসমূহৰ পৰা বুজিব পাৰি যে চৰকাৰী চিকিৎসকসকল অসম চৰকাৰৰ ওপৰত সন্তুষ্ট নহয়।এনে কাৰণৰ বাবেই হয়তো একাংশ চিকিৎসকে চৰকাৰী স্বাস্থ্যখণ্ডৰ প্ৰতি আস্থা হেৰুৱাই স্বেচ্ছামূলক অৱসৰ লৈছে। স্বাস্থ্য বিভাগে কিয় চৰকাৰী চিকিৎসকসকলৰ স্বেচ্ছামূলক অৱসৰ আবেদন নাকচ কৰিব নোৱাৰিলে বা কিয় তেওঁলোকক চৰকাৰী চিকিৎসা খণ্ডত নিয়োজিত কৰি ৰাখিব নোৱাৰিলে, সেয়া এক লাখটকীয়া প্ৰশ্ন।

-কস্তুৰী বৰঠাকুৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular