চীনত আন এক আতংক! প্ৰাণৰ মায়াত ঘৰ এৰিছে গাঁওবাসীয়ে…

বেইজিং : চীনৰ এখন গাঁৱত সংঘটিত হৈছে এটা বিস্ময়কৰ ঘটনা। প্ৰাণৰ মায়াত গাঁও এৰিবলৈ বাধ্য হৈছে এখন পাহাৰীয়া গাঁৱৰ লোক ৷ পাহাৰীয়া গাঁওখনত একেৰাহে বাজি থকা এটা আচহুৱা শব্দই গাঁওবাসীক ইমানে আতংকিত কৰি তুলিছিল যে, বহু গাঁওবাসীয়ে নিজৰ ঘৰ-দুৱাৰ এৰি পলাবলৈ আৰম্ভ কৰে। চীনৰ গুইজৌ প্ৰদেশত সংঘটিত এই ঘটনাক লৈ বিভিন্নজন লোক ব্যস্ত হৈ পৰে।

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ নতুন নিৰ্দেশনা ! সন্ধিয়া ৫ বজাৰ পাছত বন্ধ সকলো ব্যৱসায়-প্ৰতিষ্ঠান৷

বহুতে ইয়াক অলৌকিক কিবা শব্দ বুলি ধাৰণা কৰাৰ পৰিৱৰ্তে বহুতেই ইয়াক ড্ৰেগন বা সিংহৰ দৰে হিংস্ৰ জন্তুৰ গোঁজৰণি বুলিও অনুমান কৰিছিল। চীনৰ ছ’চিয়েল মিডিয়াত পাহাৰৰ ওপৰত এই শব্দৰ আঁতি-গুৰি বিচৰা মানুহৰ ভিৰ আৰু গাঁও এৰি আঁতৰিবলৈ আৰম্ভ কৰা মানুহৰ দীঘলীয়া শাৰীৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে ই টুইটাৰতো স্থান লাভ কৰে। তাতো বিভিন্নজনে এই শব্দৰ উঁহ উলিয়াবলৈ চেষ্টা কৰে। বহুতে ইয়াক ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী বুলি সন্দেহ কৰাৰ লগতে বহুতে বন্য জন্তুৰ গোঁজৰণি বুলিয়েই মত ব্যক্ত কৰে।

আৰু পঢ়িব পাৰিব : পুনৰ শিক্ষয়িত্ৰীক ধৰ্ষণ-হত্যা! কলাইগাঁৱত ভয়ংকৰ কাণ্ড

চীনৰ দক্ষিণ প্ৰান্তৰ গুইজৌ প্ৰদেশৰ প্ৰশাসনে পিছত এই ভয়ংকৰ আৰু আতংকসৃষ্টিকাৰী শব্দৰ উৎসৰ সন্ধানত প্ৰেৰণ কৰে বিশেষজ্ঞক। অনুসন্ধানকাৰীসকলে বহু বিচাৰ খোচাৰৰ পাছত ইয়াৰ ভেদ ভাঙিবলৈ সক্ষম হয়। প্ৰাণীবিজ্ঞানৰ বিশেষজ্ঞসকলে নিশ্চিত কৰে যে, এই শব্দ এটা সৰু চৰায়ে সৃষ্টি কৰা শব্দহে। এটা কপৌতকৈ সামান্যহে ডাঙৰ হালধীয়া ঠেঙৰ এটা ‘বাটনকুৱেল’ চৰায়ে সৃষ্টি কৰিছিল গাঁওবাসীক ঘৰ এৰিবলৈ বাধ্য কৰোঁৱা এই ভয়ংকৰ শব্দ। প্ৰজননৰ সময়ত মাইকী চৰাইটোৱে সৃষ্টি কৰা এই আচহুৱা শব্দ এশ মিটাৰলৈ বিয়পি পৰে। পিছত স্থানীয় লোকসকলেও এই বিষয়ে নিশ্চিত হয় আৰু এক দীঘলীয়া আতংকৰ অন্ত পৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES