spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকবনভোজ খাবলৈ যাবলৈ অনুমতি নাপাই বাথৰূমতে আত্মহত্যা ভায়লিনাৰ

বনভোজ খাবলৈ যাবলৈ অনুমতি নাপাই বাথৰূমতে আত্মহত্যা ভায়লিনাৰ

ডিজিটেল ডেস্ক : আত্মহত্যাৰ প্ৰৱণতাই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে যুৱচামক৷ কিছুদিন পূৰ্বে মহানগৰীতে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা ঘটনা মাৰ নৌযাওঁতে পুনৰ সংঘটিত হয় তেনে এক অবাঞ্চিত ঘটনাৰ৷ বনভোজৰ আনন্দ ল’বলৈ নাপাই আত্মহত্যা এগৰাকী ছাত্ৰীৰ৷ পিতৃয়ে বনভোজ খাবলৈ নিদিয়াৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত।

মহানগৰী পাথৰকুৱাৰী বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা ভায়লিনা শইকীয়াই (১৯) গুৱাহাটী কলেজৰ কলা শাখাৰ স্নাতক প্ৰথম ষান্মাষিকত অধ্যয়ন কৰি আছিল। জানিব পৰা মতে ছাত্ৰী ভায়লিনাই দেওবাৰে সতীৰ্থ ছাত্র-ছাত্ৰীৰ সৈতে পানীখাইটীৰ হাতীশিলালৈ বনভোজ খাবলৈ যাব বিচাৰিছিল। নিৰাপত্তাৰ দোহাই দি পিতৃ তৰুণ শইকীয়াই কন্যাক বনভোজ যাবলৈ বাধা প্ৰদান কৰাত ইয়াতে খৰ্গগ্ৰস্ত হৈ ভায়লিনাই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছিল। দিনৰ ভাগত ঘৰৰ আটায়ে কৰ্তব্যস্থলীলৈ যোৱাত ঘৰত কোনো নথকাৰ সুযোগ লৈ ভায়লিনাই স্নানাগাৰত চিপ লৈ আত্মহত্যা কৰে।

বিয়লি পিতৃয়ে কৰ্তব্য সামৰি ঘৰলৈ উভতি আহি স্নানাগাৰত কন্যা ভায়লিনাৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰে৷ ইয়াৰ পাছতে এই ঘটনা সন্দৰ্ভত পিতৃয়ে নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতাদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। অমায়িক স্বভাৱৰ ছাত্ৰীগৰাকীয়ে লোৱা এনে অনাকাংশিত সিদ্ধান্তৰ পাছতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular