spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়াব’ল্টৰ বিষাক্ত ইনছুইং চম্ভালিব নোৱাৰে ৰোহিতে! কোনে হতাশ কৰিছে হিটমেনক?

ব’ল্টৰ বিষাক্ত ইনছুইং চম্ভালিব নোৱাৰে ৰোহিতে! কোনে হতাশ কৰিছে হিটমেনক?

নতুন দিল্লীঃ কোনে নিৰাশ কৰিছে হিটমেনক ? ‌কিয় হিটমেনক লক্ষ্য কৰি লৈছে প্ৰাক্তন তাৰকাই? এতিয়া আহো মূল কথালৈ। পাকিস্তানৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়ৰ পাছত ভাৰতীয় দলৰ মূল একাদশৰ পৰিৱৰ্তন হোৱাতো একপ্ৰকাৰ নিশ্চিত আছিল। হাৰ্দিক পাণ্ডিয়াৰ পৰিৱৰ্তে আন কাৰোবাক অন্তৰ্ভুক্ত কৰাকলৈও আলোচনা হৈছিল। ভাৰতীয় মেনেজমেণ্টে যে বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাৰ ক্ষেত্ৰটো এনে পৰীক্ষা-নিৰীক্ষা চলাব সেয়া ঘুনাক্ষৰেও ভবা নাছিল ক্ৰীড়ানুৰাগীয়ে। কিন্তু ভাৰতে অৱশেষত তাকে কৰিছিল। খেলখনত অপেনাৰৰ স্থান কৰ্তন কৰিলেও ৰোহিত শৰ্মাক নিউজিলেণ্ডৰ বিৰুদ্ধে দলত অন্তৰ্ভুক্ত কৰা হৈছিল।

হঠাতে ৰোহিতৰ এই ‘অৱনমন’ কিয়? ৰোহিতৰে টীম মেনেজমেণ্টৰ এই পৰীক্ষা কিয়? ৰোহিত শৰ্মাই ইনিংছৰ আৰম্ভণিতে কিৱি পেচাৰ ট্ৰেণ্ট ব’ল্টৰ মুখামুখী হ’ব পাৰিবনে নাই তাকে লৈ আত্মবিশ্বাসৰ হেনো অভাৱ আছিল ভাৰতীয় মেনেজমেণ্টৰ।

অপেনাৰ হিচাপে লোকেশ ৰাহুলেৰে অংশীদ্বাৰিত্বৰ বাবে আগবঢ়াই দিয়া হ’ল উইকেটকীপাৰ, বেটছমেন ঈশান কিষাণক। ভৱামতে কিন্তু ফল নাপালে ভাৰতে। ৰোহিত বিকল্পৰ দ্বাৰা লাভান্বিত নহ’ল ভাৰত। কেৰেলাতকৈ গুটি হে দীঘল হ’ল! ৮ বলত ৪ ৰান কৰি ব’ল্টৰ বলত কেচ তুলি দিছিল ঈশানে। আনহাতে, ৰোহিতক বশ কৰিলে ঈশ ছোধীৰ ঘূৰ্ণীবলে। কিন্তু হঠাতে ৰোহিতৰ এই ‘অৱনমন’ কিয়? ৰোহিতৰে টীম মেনেজমেণ্টৰ এই পৰীক্ষা কিয়? এনে কেতবোৰ প্ৰশ্নই সম্প্ৰতিৰ ক্ৰীড়ানুৰাগীৰ মাজত কৌতুহল সৃষ্টি কৰা দেখা গৈছে।পাকিস্তানৰ প্ৰাক্তন পেচাৰ ছোৱেইব আখতাৰেও ৰোহিতৰ বেটিং অৰ্ডাৰক লৈ প্ৰশ্ন কৰিছিল। আখতাৰৰ পাছতে ভাৰতৰ প্ৰাক্তন বেটছমেন সুনীল গাভাস্কাৰে ৰোহিত সম্পৰ্কে কৰিছে স্পৰ্শকাতৰ মন্তব্য। ৰোহিত শৰ্মাই ইনিংছৰ আৰম্ভণিতে কিৱি পেচাৰ ট্ৰেণ্ট ব’ল্টৰ মুখামুখী হ’ব পাৰিবনে নাই তাকে লৈ আত্মবিশ্বাসৰ হেনো অভাৱ আছিল ভাৰতীয় মেনেজমেণ্টৰ।

ইনিংছৰ আৰম্ভণিতে ট্ৰেণ্ট ব’ল্টৰ ইনছুইং চম্ভালিব বুলি কোৱাৰ পাছত ইমান বছৰ ধৰি ইনিংছ মুকলি কৰি থকা এজন বেটছমেন ভাগি পৰাটো স্বাভাৱিক। নিজৰ সামৰ্থৰ ওপৰত খুদ ৰোহিতৰে প্ৰশ্ন উত্থাপন হৈছে। যদি ঈশানে ৭০ ৰানৰ দৰ্শনীয় ইনিংছ খেলিলেহেঁতেন তেতিয়া সিদ্ধান্তটো প্ৰশংসিত হ’লহেঁতেন।

ৰোহিতে ব’ল্টৰ বিষাক্ত ইনচুইং চম্ভালিব নোৱাৰে বুলি টীম মেনেজমেণ্টে ধাৰণা কৰা বুলিও সদৰী কৰিছে গাভাস্কাৰে। অৱশ্যে, ৰোহিতৰ বেটিং পজিশ্যনক লৈ চিন্তিত গাভাস্কাৰ৷ ‘ঈশান কিষাণ এনে এজন খেলুৱৈ যি সফলো হ’ব পাৰে বা বিফল।কোনো নিশ্চয়তা নাই। তেওঁৰ দৰে বেটছমেন এজনক চাৰি বা পাঁচ নম্বৰতহে শোভা পায়। তেতিয়া তেওঁ খেলখনৰ পৰিস্থিতি অনুসৰি বেটিং কৰিব পাৰে। কিন্তু এইবোৰ কি হৈছে? ৰোহিত শৰ্মাক ৩নম্বৰত বেট কৰিবলৈ কোৱা হৈছে। বিৰাটক ৪ নম্বৰত। ইনিংছৰ আৰম্ভণিতে ট্ৰেণ্ট ব’ল্টৰ ইনছুইং চম্ভালিব বুলি কোৱাৰ পাছত ইমান বছৰ ধৰি ইনিংছ মুকলি কৰি থকা এজন বেটছমেন ভাগি পৰাটো স্বাভাৱিক। নিজৰ সামৰ্থৰ ওপৰত খুদ ৰোহিতৰে প্ৰশ্ন উত্থাপন হৈছে। যদি ঈশানে ৭০ ৰানৰ দৰ্শনীয় ইনিংছ খেলিলেহেঁতেন তেতিয়া সিদ্ধান্তটো প্ৰশংসিত হ’লহেঁতেন। যিহেতু এনে নহ’ল সেয়ে এতিয়া ইয়াৰ সমালোচনা কৰা হৈছে।’ উল্লেখ্য যে, ভাৰতৰ বেটিং অৰ্ডাৰৰ এনে পৰিবৰ্তনৰ কথা বুজি পোৱা নাই গাভাস্কাৰে। কালি আফগানিস্তানৰে মুখামুখী হ’ব ভাৰত। আফগানিস্তানৰে কি ৰণনীতি গ্ৰহণ কৰিব ভাৰতে,পূৰ্বৰ ভুলৰ পৰা শিক্ষা ল’বনে টীম ইণ্ডিয়াই? সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular