spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াৰোহিত-ৰাহুলেই সৰ্বেসৰ্বা; শুভেচ্ছাৰ জোৱাৰত তীক্ষ্ন প্ৰশ্নবান প্ৰাক্তন অধিনায়কৰ…

ৰোহিত-ৰাহুলেই সৰ্বেসৰ্বা; শুভেচ্ছাৰ জোৱাৰত তীক্ষ্ন প্ৰশ্নবান প্ৰাক্তন অধিনায়কৰ…

নতুন দিল্লীঃ ৰোহিত শৰ্মা টি-২০ ক্ৰিকেটত ভাৰতীয় দলৰ নতুন অধিনায়ক। একে সময়তে, উপ-অধিনায়ক কোন হ’ব তাৰো সিদ্ধান্ত লোৱা হৈছে। বিচিচিআই-এ লোকেশ ৰাহুলক উপ-অধিনায়ক হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। বিচিচিআইৰ এই সিদ্ধান্তত সুখী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। ৰোহিত-ৰাহুললৈ শুভেচ্ছাৰ বন্যা বৈয়ে আছে। অৱশ্যে, শুভেচ্ছা জনালেও সামগ্ৰিক দল নিৰ্বাচনক লৈ মুঠেও সুখী নহয় প্ৰাক্তন অধিনায়ক। অল ইণ্ডিয়া মিডিয়াক দিয়া এক সাক্ষাৎকাৰত গাভাস্কাৰে কয়, ‘লোকেশ ৰাহুলক নিৰ্বাচকসকলে ভৱিষ্যতৰ অধিনায়ক হিচাপে বাছনি কৰিছে। আইপিএলত পঞ্জাৱ কিংছক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে ৰাহুলৰ। ৰাহুলে ভাৰতৰ হৈ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে নিয়মীয়াকৈ খেলি আহিছে। মই ভাবো সেইকাৰণে নিৰ্বাচকসকলে তেওঁক উপ-অধিনায়ক হিচাপে বাছনি কৰিছে।’

নিউজিলেণ্ড ভ্ৰমণৰ সামৰণি পৰাৰ লগে লগে বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটকো নেতৃত্ব নিদিয়াৰ সম্ভাৱনাই প্ৰবল। গাভাস্কাৰে কয়, ‘ৰোহিত শৰ্মাই দায়িত্ব ল’বলৈ সাজু। তেওঁৰ নেতৃত্বত ভাৰতে নিজকে নতুন টি-২০ দল হিচাপে উপস্থাপন কৰিব। ৰোহিতৰ নেতৃত্বত ভাৰতে ২০১৮ চনত এছিয়া কাপ জিকিছিল। নিদাহাছ ট্ৰফীও জিকিছিল।’ গাভাস্কাৰে লগতে কয়, ‘মই জানো যে আইপিএলৰ নেতৃত্ব দিয়া আৰু দেশৰ হৈ নেতৃত্ব দিয়াৰ মাজত পাৰ্থক্য আছে। যিদৰে ঘৰুৱা ক্ৰিকেটত ভাল খেলিব পৰা ক্ৰিকেটাৰ এজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেলিব নোৱাৰিবও পাৰে, তেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এজন অধিনায়ক সফল হ’ব বুলি ক’ব নোৱাৰি।’ ৰোহিত-ৰাহুলক নতুন দায়িত্ব অৰ্পন কৰাক লৈ সুখী হ’লেও কিন্তু দল নিৰ্বাচনক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে গাভাস্কাৰে। ‘যুজবেন্দ্ৰ চাহাল আৰু দীপক চাহাৰ সফল ক্ৰিকেটাৰ। তেওঁলোকৰ অভিজ্ঞতা আছে। দললৈ উভতি অহাটো তেওঁলোকৰ বাবে লাভজনক হ’ব। কিন্তু ৰাহুল চাহাৰক দলৰ পৰা কিয় বাদ দিয়া হ’ল? তেওঁ এনে কি ভুল কৰিলে যে দলত স্থান দিয়া হোৱা নাই। বিশ্বকাপত দলত লোৱা হৈছিল ৰাহুলক। কিন্তু মাত্ৰ এখন খেল খেলাৰহে তেওঁক সুযোগ পাইছিল। মই আশা কৰোঁ নিৰ্বাচকসকলে চাহাৰক কিয় দলত স্থান নিদিলে তাৰ উচিত বাখ্যা আগবঢ়াব। বৰুণ চক্ৰৱৰ্তীয়েও জানিব লাগে যে তেওঁ কিয় বাদ পৰিব লগা হ’ল। তেওঁলোকে এইবিষয়ে জানিলেহে অধিক শক্তিশালী হৈ উভতি অহাৰ সুযোগ পাব। তেতিয়াহে ভাৰতীয় ক্ৰিকেট শক্তিশালী হৈ পৰিব।’ স্বৰূপাৰ্থত ৰোহিত-ৰাহুলৰ নেতৃত্বত ভাৰতে কিদৰে সফলতাৰ সুখ দেখে সেয়াহে হ’ব লক্ষণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular