Reduce bounce rates

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি : পাঁচ দেৱশিশুক বলিৰ অপচেষ্টা

শিৱসাগৰ : সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে শিৱসাগৰত৷ অসাধু বেজৰ পাকচক্ৰত পৰি বলি দিবলৈ সাজু কৰা ৫ দেৱশিশুক দৈবক্ৰমে উদ্ধাৰ কৰে ৰাইজে৷ পিতৃসহ ৩ দুৰ্বৃত্তক ধৰি আৰক্ষীক গটালে স্থানীয় ৰাইজে৷ ঘটনাৰ স্থান শিৱসাগৰৰ ডিমৌমুখ। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজ সন্তানক বলি দিৱ খোজা মহিলাসহ ৩ টা নৰাধমক ৰাইজে আটক কৰি গতালে আৰক্ষীক৷ নৰাধম তিনিটা হ’ল- জমিউল হুছেইন ,চৰিফুল হুছেইন ,আয়েছা বেগম। জমিউল আৰু চৰিফুল সম্পৰ্কত ককাই-ভাই ।

আৰু পঢ়িব পাৰিব: হৰিষতে বিষাদ : ফটকাৰ জুয়ে প্ৰাণ কাঢ়িলে যুৱকৰ

ঘটনাৰ বিৱৰণী অনুসৰি , শিৱসাগৰৰ বামবাৰী অঞ্চলৰ বাসিন্দাৰ গাত কালী লম্ভা বুলি দাবী কৰি আহিছিল এগৰাকী মহিলাই৷ এই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বেজৰ সহায় লৈছিল তেওঁ৷ মহিলাগৰাকী আৰু মৰাণৰ এই বেজৰ নিৰ্দেশতেই কালী পূজাৰ নিশা ১২ বজাত বলি দিয়াৰ বাবে সাজু কৰা হৈছিল ৫ টাকৈ দেৱশিশুক । অৱশেষত অঞ্চলটোৰ সচেতন ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেৱ শিশুকেইটাক৷ এই ঘটনাই সমগ্ৰ শিৱসাগৰতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

আৰু পঢ়িব পাৰিব: দীপাৱালীৰ উৎসাহৰ মাজতে ভয়ানক অগ্নিকাণ্ড

তথ্য অনুসৰি মাটিৰ তলৰ ধন সোণ লাভৰ লগতে পৰিয়ালটোৰ অপায়-অমংগল দূৰ কৰাৰ বাবেই বেজ আৰু স্বয়ম্ভূ কালীয়ে দিছিল নৰবলিৰ এই নিৰ্দেশ ৷ সেই অনুসৰিয়েই দুৰ্বৃত্ত কেইটাই বলিৰ বাবে সাজু কৰিছিল নিজ সন্তানক। সহজ ধনৰ লোভত নৰ বলিৰ বাবে দুৰ্বৃত্ত কেইটাই নিজ সন্তানক বলিৰ বাবে ডিমৌ মুখৰ জমিউলৰ ঘৰত সাজু কৰিছিল ৷ অৱশ্যে পূৰ্বৰে পৰা সমগ্ৰ ঘটনাৰ গতি বিধি লক্ষ্য কৰি থকা ডিমৌ মুখৰ স্থানীয় ৰাইজে তৎপৰতাৰে দেৱ শিশুকেইটাক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনি দুৰ্বৃত্তক গটাই দিয়ে শিৱসাগৰ আৰক্ষীক ৷

Show More

Related Articles

Back to top button