spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকশ্বুটিঙৰপৰা আহোঁতে ট্ৰাকৰ সৈতে ছুইফটৰ সংঘৰ্ষ; মাতৃসহ মৃত্যু ইউটিউবাৰ ছানিয়াৰ, মৃত...

শ্বুটিঙৰপৰা আহোঁতে ট্ৰাকৰ সৈতে ছুইফটৰ সংঘৰ্ষ; মাতৃসহ মৃত্যু ইউটিউবাৰ ছানিয়াৰ, মৃত আন ৩

ডিজিটেল ডেস্ক : এক শোকাৱহ দুৰ্ঘটনাত থানবান হ’ল এটি পৰিয়াল৷ অকালতে মৰহি গ’ল এটা উদীয়মান প্ৰতিভা। ঘাটমাউৰা হ’ল দুটি কণমানি শিশু৷ দীপাৱলীৰ প্ৰাকক্ষণত দৰঙৰ দলগাঁৱত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাৰ খবৰে সকলোকে মৰ্মাহত কৰিছে৷ দৰঙৰ দলগাঁও বেছিমাৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দিনৰ ভাগত এই ভয়াৱহ পথ দুৰ্ঘটনাত ৫জনকৈ লোকে প্ৰাণ হেৰুৱায়। এগৰাকী পৰিচিত ইউটিউবাৰ ছানিয়া আখতাৰা, তেওঁৰ মাতৃকে ধৰি আঠজন লোকে আৰোহন কৰি অহা এখন ছুইফট ডিজায়াৰ বাহনে প্ৰচণ্ড গতিত ট্ৰাকত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ অঘটন ঘটে। তেওঁলোকে ছানিয়াৰ ইউটিউব চেনেলৰ বাবে ৰৌতাত শ্বুটিং সামৰি ঘৰলৈ ওভতাৰ পথতে এই দুৰ্ঘটনাটো ঘটা বুলি জানিব পৰা গৈছে। দলটো উঠি অহা ছুইফট ডিজায়াৰ বাহনখনৰ সৈতে মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাৱহ ঘটনা ঘটে।

জানিব পৰা মতে, এছ আৰ অফিচিয়েল নামৰ ইউটিউব চেনেলটোৰ বাবে ৰৌতাত শ্বুটিং কৰিবলৈ দেওবাৰে পুৱাৰ ভাগতে দলগাঁৱৰ এটা দল ৰাওনা হৈছিল। দলটোত আছিল দলগাঁও দৈপামৰ ৩৫ বছৰীয়া মঞ্জু বেগম, ১৪ বছৰীয়া পৰিচিত ইউটিউবাৰ ছানিয়া আখতাৰা, আৰিমাৰী খেটাচৰৰ ফৰিদুল ইছলাম, ইব্ৰাহিম আলী, আজাদ আলী, ৰফিকুল ইছলাম, আব্দুল আৱাল। শ্বুটিং সামৰি দলটোৱে দলগাঁৱৰ ঘৰলৈ ওভতাৰ সময়তে তেওঁলোক দুৰ্ঘটনাগ্ৰস্ত হয়।
বেছিমাৰীত তেজপুৰ অভিমুখী এএছ ২৩ চিচি ১০০২ নম্বৰৰ এখন মালবাহী ট্ৰাকত খুন্দা মাৰে ছানিয়াকে ধৰি অন্যান্যসকল উঠি অহা গাড়ীখনে।

তীব্ৰবেগী ছুইফটখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ট্ৰাকত খুন্দা মৰাৰ ফলতেই ৫জনকৈ আৰোহীয়ে থিতাতে জীৱন হেৰুৱায়। দলটোৰ ৩জনক গুৰুতৰভাৱে আহত অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পাছলৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। নিহত লোককেইজনক আৰিমাৰীৰ আব্দুল আৱাল, দৈপামৰ ফৰিদুল ইছলাম, ইব্ৰাহীম আলী তথা মঞ্জুৱাৰা বেগম আৰু তেওঁৰ কন্যা ছানিয়া আখতাৰা বুলি চিনাক্ত কৰা হৈছে। ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আৰিমাৰীৰ আজাদ আলী আৰু ৰফিকুল ইছলাম।


উল্লেখ্য যে, পিতৃহাৰা ১৪ বছৰীয়া ইউটিউবাৰ ছানিয়া আখতাৰাই তেওঁৰ চেনেলৰ জৰিয়তে পৰিচিতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এটা উদীয়মান প্ৰতিভা অকালতে হেৰাই গ’ল। উল্লেখ্য যে, কিছুদিন আগেয়ে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল ছানিয়াৰ পিতৃৰ৷ উল্লেখ্য যে, ছানিয়াৰ আছিল দুগৰাকীকৈ ভগ্নী৷ জ্যেষ্ঠ ভগ্নী আৰু মাতৃয়ে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ পাছত এই এই কন্যা শিশু দুটিও অনাথ হৈ পৰিল৷ এতিয়া তেওঁলোকৰ দায়িত্ব গ্ৰহণৰ বাবে পদক্ষেপ ল’বলৈ চৰকাৰৰ ওচৰত সহায় বিচাৰিছে পৰিয়াল তথা স্থানীয় লোকে৷


RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular