spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াৰোহিত-ৰাহুলৰ এয়া সহজ জয় নেকি? ভাৰত-নিউজিলেণ্ড শৃংখলাক অৰ্থহীন আখ্যা দিলে কোনে?

ৰোহিত-ৰাহুলৰ এয়া সহজ জয় নেকি? ভাৰত-নিউজিলেণ্ড শৃংখলাক অৰ্থহীন আখ্যা দিলে কোনে?

নতুন দিল্লীঃ ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ডৰ শৃংখলাক ‘অৰ্থহীন’ আখ্যা দিছে ক্ৰিকেট খেলুৱৈ মিচেল মেকক্লেনাঘানে। শনিবাৰে এজন অনুৰাগীৰ টুইটৰ উত্তৰ দি বিতৰ্কত সোমাই পৰিছে কিৱি ক্ৰিকেটাৰগৰাকী। টুইটযোগে তেওঁ কয়, ‘এই শৃংখলাটোৰ কোনো অৰ্থ নাই। নিউজিলেণ্ডে শৃংখলাটো জিকিব পাৰে বুলি কোৱাটো আনন্দৰ বাহিৰে আন একো নাছিল।’ শুকুৰবাৰে ৰাঁচীত দ্বিতীয়খন খেলত পৰাজয়ৰ পাছত টুইটাৰত এজন অনুৰাগীয়ে ধেমেলীয়াকৈ লিখিছিল, ‘নিউজিলেণ্ডে শৃংখলাটো জিকিব নোৱাৰিলে।’ টুইটতো চকুত পৰাত মন্তব্য ডাঙি ধৰে মেকক্লেনাঘানে। তেওঁ কয়, ‘সিহঁতে কি সঁচাকৈ পৰাজিত হৈছিল? এটা অর্থহীন শৃংখলা।

যেতিয়া এটা দলে বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱাৰ ৭২ ঘণ্টা পাছত ৫ দিনত ৩খন মেচ খেলি আছে বিপৰীতে আন এটা দলে ঘৰলৈ উভতি আহিছে আৰু পাইছে ১০ দিনৰ বিশ্ৰাম।’ মেকক্লেনাঘানৰ প্ৰতি অনুগত এজন ভাৰতীয় সমৰ্থকে তেওঁৰ সমৰ্থনত লিখিছে যে, ভাৰত আৰু নিউজিলেণ্ডৰ বোৰ্ডে অধিক সময়ৰ ব্যৱধানৰ পাছত শৃংখলাটো আয়োজন কৰিব পাৰিলেহেঁতেন। সেই টুইটৰ উত্তৰত মেকক্লেনাঘানে লিখিছিল, ‘যদি মই কওঁ যে নিউজিলেণ্ডে শৃংখলাটো জিকিব, নিশ্চিতভাৱে মই এতিয়া ধেমালি কৰাহে হ’ব।’ উল্লেখ্য যে, ডুবাইত অনুষ্ঠিত বিশ্বকাপৰ পৰা উভতি অহাৰ পাছত অধিনায়ক কেন উইলিয়ামছনকে ধৰি নিউজিলেণ্ডৰ একাংশ ক্ৰিকেটাৰে বিশ্ৰাম লৈছে। আনহাতে আজি অনুষ্ঠিত হ’ব ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টি-২০ খেলখন। ইতিমধ্যে, ভাৰতে টি-২০ শৃংখলাটোত জয়ী হৈছেই। সন্মান ৰক্ষাৰ উদ্দেশ্যে ৰোহিত বাহিনীৰ মুখামুখী হ’ব কিৱি বাহিনী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular