spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াসৌৰভৰ হাততে ইডেন গাৰ্ডেনৰ ঘণ্টা! বিৰাট আপডেটে ৰোমাঞ্চ বৃদ্ধি কৰিছে অন্তিম টি-২০ৰ

সৌৰভৰ হাততে ইডেন গাৰ্ডেনৰ ঘণ্টা! বিৰাট আপডেটে ৰোমাঞ্চ বৃদ্ধি কৰিছে অন্তিম টি-২০ৰ

নতুন দিল্লীঃ আজি ইডেন গাৰ্ডেনত ভাৰত বনাম নিউজিলেণ্ড তৃতীয় টি-২০। টি-২০ৰ অন্তিম খেলখনক লৈ উত্‍সাহী ক্ৰীড়ানুৰাগী। খেলৰ প্ৰাকমুহূৰ্তত আহিছে ইটোৰ পিছত সিটোকৈ বিগ আপডেট। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি ২ঘণ্টাৰ বাবে পশ্চিমবংগত সান্ধ্য আইন শিথিল কৰাৰ খবৰ বিয়পি পৰাৰ কেইটামান মুহূৰ্তৰ পাছতে আৰু এটা খবৰে জোকাৰি গৈছে ক্ৰিকেট এৰিনা। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ইডেন গাৰ্ডেনত খেল আৰম্ভ হোৱাৰ আগতে পৰম্পৰাগত ৰীতি-নীতি পালন কৰাৰ খবৰ আহিছে। সৌৰভ গাংগুলীয়ে ইডেনত ঘণ্টা বজাই খেল আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

শৃংখলা দখল কৰিলেও ইডেন গাৰ্ডেনতো জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ভাৰত। সেইমতে, প্ৰস্তুত হৈছে ৰোহিতৰ ভাৰত। উল্লেখ্য যে, ইডেন গাৰ্ডেনত খেল আৰম্ভ হোৱাৰ পূৰ্বে ঘণ্টা বজোৱাৰ প্ৰচলিত প্ৰথা আছে। কেইবছৰমান পূৰ্বে ভাৰত-বাংলাদেশে পিংক বল টেষ্টত সমুখ-সমৰত অৱতীৰ্ণ হওতে বাংলাদেশৰ শ্বেখ হাছিনাই ইডেন গাৰ্ডেনত ঘণ্টা বজাইছিল। অৱশ্যে, বাংলাদেশৰ বিৰুদ্ধে বিজয়ী হৈছিল ভাৰত। এইবাৰ অৱশ্যে, টি-২০ৰ মেচ। ক’ৰ’নাৰ প্ৰতিবন্ধকতা থকা স্বত্বেও টি-২০ৰ বাবে নান্দনিক পৰিৱেশে বিৰাজ কৰিছে ইডেন গাৰ্ডেনত। তথাপি চিএছবি বিষয়াসকলে সাজু কৰিছে ইডেন গাৰ্ডেন। কেইদিনমান পূৰ্বে আইচিচিৰ ক্ৰিকেট কমিটীৰ অধ্যক্ষৰ পদবীও গ্ৰহণ কৰিছিল সৌৰভ গাংগুলীয়ে। সেইবাবে, চিএছবি বিষয়াসকলে বৰ্তমানৰ পৰিষদৰ সভাপতিয়ে ঘণ্টা বজোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular