spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়াআফগানিস্তানলৈ ভাৰতীয় সমৰ্থকৰ কাকূতি বাণীঃকি আছে কোহলীৰ ভাগ্যদশাত?

আফগানিস্তানলৈ ভাৰতীয় সমৰ্থকৰ কাকূতি বাণীঃকি আছে কোহলীৰ ভাগ্যদশাত?

নতুন দিল্লীঃ আজি নিউজিলেণ্ড-আফগানিস্তানৰ মাজত নিৰ্ণায়ক যুঁজ। টি-২০ বিশ্বকাপৰ গ্ৰুপ-২ৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ মানসেৰে সমুখ-সমৰত অৱতীৰ্ণ হ’ব দুয়োটা দল। পাকিস্তানে ইতিমধ্যে ছেফ জ’নত আছে। আজিৰ খেলখনত কোন হ’ব বিজয়ী তাকে লৈ উত্‍কন্ঠাৰ সীমা নাই। উত্‍কন্ঠা বৃদ্ধি কৰিছে ভাৰতীয় দলে। স্কটলেণ্ডক বৃহত্‍ ব্যৱধানত হৰুৱাৰ পাছত আশা সজীৱ হৈ উঠিছে ভাৰতৰ। অৱশ্যে, উন্নত ৰান ৰেট আদায় কৰিলেও শংকা আঁতৰা নাই ভাৰতীয় দলৰ। আজি নিৰ্ণায়ক খেলখনৰ ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব ভাৰতৰ ভাগ্যদশা। আফগানিস্তানে নিউজিলেণ্ডক হৰুৱাব পাৰিলেই ছেমিফাইনেলত প্ৰৱেশৰ বাট খোল খাব ভাৰতৰ। ভাৰতীয় সমৰ্থকসকলেও বিচাৰিছে আফগানিস্তানৰ বিজয়। আফগানিস্তান ব’ৰ্ড তথা ক্ৰিকেটাৰ সকলক টুইটাৰত শুভেচ্ছাৰে উপচাই দিছে ভাৰতীয় সমৰ্থকে। আজিৰ খেলখনত যিকোনো প্ৰকাৰে নিউজিলেণ্ডক পৰাস্ত কৰাৰ কাকূতি বাণী ভাৰতীয় সমৰ্থকৰ।

ৰছিদ খান, মহম্মদ নবীৰ ওপৰতেই নিৰ্ভৰ কৰিছে ভাৰতৰ ভৱিষ্যত! লাখ লাখ ভাৰতীয় অনুৰাগী আৰু কোহলী বাহিনীয়ে আফগানিস্তানৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰাতো আচৰিত যেন লাগিলেও সম্প্ৰতি টি-২০ বিশ্বকাপত সেয়াই হৈ আছে। ইয়াৰ কাৰণো সকলোৰে অৱগত। কেন উইলিয়ামছনৰ বিৰুদ্ধে ৰছিদ খানে শেষ হাঁহি মাৰিলেহে ভাৰতে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ সুযোগ পাব। আৰু যদি নিউজিলেণ্ডে আফগানিস্তানক পৰাস্ত কৰে তেন্তে কি হ’ব? ৰবীন্দ্ৰ জাদেজাই এখন সংবাদমেলত এই বিষয়ে ইতিমধ্যে সদৰী কৰিছে। ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে কয়, ‘তেতিয়া আমি টালি-টোপোলা বান্ধি ঘৰলৈ যাম।’ এনে কথা-বতৰা চলি থাকোতেই আফগানিস্তানৰ বেটছমেন হাছমাতুল্লাহ শ্বাহিদীক ভিডিঅ’ কলৰ জৰিয়তে খেলখনত তেওঁলোকৰ স্থিতিৰ বিষয়ে সোধা হৈছিল। প্ৰবীণ আফগান ক্ৰিকেটাৰজনে আইচিচিৰ সংবাদমেলত উপস্থিত আছিল। তেওঁ কয়, ‘আফগানিস্তানে এই খেলখন ভাৰতৰ বাবে নহয়, নিজৰ বাবে খেলিব। আমি কেৱল আমাৰ কথা ভাবিছো। কোনে ক’ত আছে তাক আমি গুৰুত্ব দিয়া নাই। আমাৰ লক্ষ্য হৈছে ছেমিফাইনেলত উপনীত হোৱা। আৰু সেই লক্ষ্যৰ সৈতে, আমি খেলপথাৰলৈ যাম।এই সুযোগ হেৰুৱাব নোৱাৰি।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular