spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeক্ৰীড়াক্ৰিষ্টচাৰ্চৰ পৰা অকলেণ্ডলৈ…ইতিহাসে কি কয়, কিৱি নে কেংগাৰু? কোনে ল’ব পুৰণি আঘাতৰ...

ক্ৰিষ্টচাৰ্চৰ পৰা অকলেণ্ডলৈ…ইতিহাসে কি কয়, কিৱি নে কেংগাৰু? কোনে ল’ব পুৰণি আঘাতৰ পোতক?

নতুন দিল্লীঃ ক্ৰিষ্টচাৰ্চৰ পৰা অকলেণ্ডলৈ এক বৰ্ণময় অতীতে ৰিঙিয়াই মাতিছে। আজি টি-২০ বিশ্বকাপৰ ফাইনেলত মুখামুখী হ’ব অষ্ট্ৰেলিয়া-নিউজিলেণ্ড। ভাৰতীয় দলে গ্ৰুপ পৰ্যায়ৰ লীগ মেচৰ পৰা বিদায় ল’লেও বিশ্বকাপক লৈ কৌতুহল টুটি যোৱা নাই ক্ৰীড়াপ্ৰেমীৰ। দেশৰ মানুহৰ মাজত বৃদ্ধি পাইছে ৰোমাঞ্চ। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে দুটি নতুন দল। যিটো দলেই জিকিব সেইটো দলেই ৰচিব ইতিহাস। উল্লেখ্য যে, টি-২০ বিশ্বকাপত এতিয়ালৈকে খিতাপ দখল কৰিব পৰা নাই অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে।


ক্ৰিষ্টচাৰ্চ, ১৯৭৪:১৯৪৬ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে সমুখ-সমৰত অৱতীৰ্ণ হৈছিল। ক্ৰিকেট বিশ্বত সেইসময়ত অষ্ট্ৰেলিয়াৰে জয়জয়-ময়ময়। অষ্ট্ৰেলিয়াৰ দৃষ্টিত সেইসময়ৰ সহজ দল নিউজিলেণ্ড আজি বিশ্বকাপৰ দাবীদাৰ। ক্ৰিকেট খেলপথাৰত দুই চুবুৰীয়াৰ মাজত যুঁজৰ ৰূপ সলনি হ’বলৈ ধৰে সত্তৰৰ দশকৰ পৰা। বিশেষকৈ, ১৯৭৪ চনৰ পৰা। সেই বৰ্ষতে নিউজিলেণ্ডৰ তাৰকা বেটছমেন গ্লেন টাৰ্ণাৰে দুটা শতকীয় ইনিংছ খেলিছিল। মহা শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কিৱিসকলে ৫ উইকেটত হৈছিল বিজয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কিৱিসকলৰ প্ৰথম টেষ্ট জয়ে সূচনা কৰিছিল নতুন দিগন্তৰ।


মেলবৰ্ণ, ১৯৮১: এই খেলখনৰ ফলাফল বা স্কোৰকাৰ্ডে আপুনি বিচৰা মতে ৰোমাঞ্চিত নকৰিব পাৰে। কিন্তু ‘আণ্ডাৰআৰ্ম’ শব্দটো শুনিলেই খেলখনৰ সকলো কথা মনলৈ আহিব আপোনাৰ। দুয়োটা দলৰ মাজত অনুষ্ঠিত খেলখনে মেলবৰ্ণত সৃষ্টি কৰিছিল ইতিহাস। যিধৰণে এদিনীয়া খেলখন সমাপ্ত হৈছিল সেয়া হয়তো ক্ৰিকেট ইতিহাসৰ এখন খেলৰ আটাইতকৈ বিতৰ্কিত সমাপ্তি! খেলখনৰ অন্তিম বলত নিউজিলেণ্ডে ৬ ৰান কৰিলে খেলখন ড্ৰ হ’লহেঁতেন। অষ্ট্ৰেলিয়াৰ অধিনায়ক গ্ৰেগ চেপেলে তেওঁৰ সৰু ভায়েক ট্ৰেভাৰ চেপেলক ‘আণ্ডাৰআৰ্ম’ বল কৰিবলৈ নিৰ্দেশ দিছিল। ট্ৰেভাৰে সেই অনুসৰি বল কৰিছিল আৰু বলটো পিটছৰ মাজেৰে ঘূৰি যায়। বলাৰৰ এনে কাণ্ডত নিউজিলেণ্ডৰ বেটছমেন ব্ৰায়ান মেককেচনী অত্যন্ত ক্ষোভিত হৈছিল আৰু দলিয়াই দিছিল হাতৰ বেট। তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল গ্ৰেগ চেপেলৰ।


অকলেণ্ড, ২০১৫: ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেল। অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হোৱা খেলখনক বিশ্বকাপৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বুলি গণ্য কৰি আহিছে অনুৰাগীয়ে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই ১০৬ ৰানত ৯ টা উইকেট হেৰুৱায়। ১৫১ ৰানত কেংগাৰু বাহিনী অল আউট হোৱাৰ পাছত, বহুতে ধৰি লৈছিল যে এইখন একপক্ষীয় মেচ হ’বলৈ গৈ আছে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৭ অভাৰত ১ উইকেটত ৭২ ৰান কৰিছিল। কিন্তু অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে নিউজিলেণ্ডৰ দুৰ্গত লগাইছিল কেনা। ২৮ ৰানত ৬ উইকেট দখল কৰা ষ্টাৰ্কে হেৰুৱা হাঁহি ঘূৰাই আনিছিল অষ্ট্ৰেলিয়াৰ শিবিৰলৈ। ষ্টাৰ্কে অৰ্জন কৰিছিল হেট্ৰিক। কিন্তু অধিনায়ক কেন উইলিয়ামছনে এটা অ’ভাৰ বাউণ্ডেৰীৰে পৰৱৰ্তী অ’ভাৰত নিউজিলেণ্ডৰ হৈ বিজয়ী ৰান প্ৰদান কৰে।


সময়ৰ পদাঘাট আৰু ইতিহাসৰ পৃষ্ঠাই নতুনৰ উম দিছে খেলখনক।আজিৰ ফলাফলে নিৰ্ণয় কৰিব কোন শ্ৰেষ্ঠ? হয় কেংগাৰু নহয় কিৱি…অপেক্ষা মাথোঁ সময়ৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular