spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াবাবৰৰ দ্বিতীয় ভাৰত আক্ৰমণ! নেতৃত্বত সেনাপতি ৰামসিংহ, পুত্ৰৰ সাফল্যত আৱেগিক পিতৃ

বাবৰৰ দ্বিতীয় ভাৰত আক্ৰমণ! নেতৃত্বত সেনাপতি ৰামসিংহ, পুত্ৰৰ সাফল্যত আৱেগিক পিতৃ

নতুন দিল্লীঃ নাম ৰৈ বৈ গৈছে বাবৰৰ নাম। ডুবাইৰ খলিফা সম্ৰাট আখ্যা বাবৰক। টি-২০ বিশ্বকাপৰ ছুপাৰ টুৱেলভৰ প্ৰথমখন খেলতে ১০ উইকেটত পৰাস্ত ভাৰত। ১৩ টা বল বাকী থকা অৱস্থাতে জয়ী হৈছিল পাকিস্তান! পাকিস্তানৰ এই জয়ৰ পাছতে অধিনায়ক হিচাপে এক অনন্য কৃতিত্ব অৰ্জন কৰিছে বাবৰ আজমে। এই ঐতিহাসিক জয়ৰ পাছতে নানা মুখৰোচক কমেণ্টেৰে ভৰি পৰিছে সামাজিক মাধ্যম। ভাৰতীয় সমৰ্থকৰ সমান্তৰালকৈ পাক সমৰ্থকেও কৰিছে ভিন্ন মন্তব্য। পাকিস্তানৰ এই জয়ক মোগল ইতিহাসৰে ৰিজনি কৰিছে একাংশ সমৰ্থকে। বহুতে এয়া ‘বাবৰৰ দ্বিতীয় ভাৰত আক্ৰমণ’ বুলিও কৈছে।

আক্ৰমণ,আক্ৰোশ,তীক্ষ্ণ প্ৰশ্নবানৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেটাৰ। মহম্মদ শ্বামীৰ প্ৰতিও কঠোৰ হৈ পৰিছে ক্ৰীড়ানুৰাগী। উল্লেখ্য যে,এইবাৰ পাকিস্তানী দলক নেতৃত্ব দিছে বাবৰ আজমে। এক ন উদ্যমেৰে খেলপথাৰত নামিছে বাবৰৰ দল। তেনেক্ষেত্ৰত ক্ৰীড়ানুৰাগীয়ে সপক্ষে-বিপক্ষে নানা কাহিনী, মুখৰোচক উক্তিৰ অবতাৰণা কৰা পৰিলক্ষিত হৈছে। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে কোনো পাক অধিনায়কে ভাৰতৰ বিৰূদ্ধে বিশ্বকাপৰ মঞ্চত এনে বিশাল ব্যৱধানত জয়ী হোৱা নাছিল। কিংবদন্তি ইমৰান খানে বিশ্বকাপ ট্ৰফী আজুৰি আনিলেও ভাৰতৰ বিৰূদ্ধে জয়ৰ মুখ দেখা নাছিল। ৱাছিম আক্ৰাম, ৱাকাৰ ইউনুছ, ইনজামাম-উল-হক আৰু ইউনুছ খানৰ নেতৃত্বতো ভাৰতৰ বিৰূদ্ধে পাকিস্তানৰ জয় অলীক স্বপ্ন হৈয়ে থাকিল। কিন্তু ডুবাইৰ মঞ্চত বাবৰ আজমে ৰচিলে ইতিহাস।

বাবৰৰ চিৰ প্ৰতিদ্বন্দ্বী ভাৰতক শোচনীয় পৰাজয়ৰ বাবে একপ্ৰকাৰ বাধ্য কৰাই নহয়, সহস্ৰ ক্ৰীড়ানুৰাগীৰ অন্তৰো জয় কৰিলে পাক অধিনায়কে। উল্লেখ্য যে, বাবৰ আজমৰ এ‌ই স্বৰ্ণালী মুহূৰ্ত স্বচক্ষে দেখিলে পিতৃ আজম ছিদ্দিকীয়ে। পাক ক্ৰিকেটৰ এই ঐতিহাসিক মুহূৰ্তটো দেখি আৱেগিক হৈ পৰিছিল বাবৰৰ পিতৃ। পুত্ৰ সাফল্যত গেলেৰীতে উচুপি উঠিছিল পিতৃ আজম ছিদ্দিকী। পাক সমৰ্থকসকলে তেওঁৰ মোবাইল ফোনত এই কান্দোনৰ দৃশ্য বন্দী কৰিছে। শেহতীয়াকৈ ভিডিঅ’টো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত পাকিস্তানৰ বিজয়ৰ মুহূৰ্তত সমৰ্থকসকলে আজম ছিদ্দিকীক অভিনন্দন জনাইছে। তেতিয়া তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে।

এগৰাকী সমৰ্থকে বাবৰ আজমৰ পিতৃক সাৱটি ধৰাও ভিডিঅ’টোত পৰিলক্ষিত হৈছে। মাজহাৰ আৰ্শাদ নামৰ এজন পাক পৰিসংখ্যাবিদে বাবৰ আজমৰ পিতৃৰ কান্দোনৰ ভিডিঅ’টো শ্বেয়াৰো কৰিছে। ভিডিঅ’টোৰ শিৰোনামত তেওঁ লিখিছে, ‘তেওঁ বাবৰ আজমৰ পিতৃ। ২০১২ চনত আদনান আকমলৰ বিয়াৰ ৰভাত প্ৰথমবাৰৰ বাবে তেওঁক লগ পাইছিলো। পাকিস্তান ক্ৰিকেট দলত আত্মপ্ৰকাশ কৰিবলৈ বাবৰৰ এতিয়াও ৩ বছৰ বাকী। বাবৰৰ পিতৃয়ে তেতিয়া কোৱা কথাষাৰ মোৰ আজিও মনত আছে। তেওঁ কৈছিল, ‘বাবৰক মাত্ৰ আত্মপ্ৰকাশ কৰিবলৈ দিয়ক। পাকিস্তানী ক্ৰিকেটত এদিন ৰাজত্ব কৰিব বাবৰে।’ স্বাভাৱিকতে এই জয়ে পাকিস্তানী দলটোক যথেষ্ট আত্মবিশ্বাস যোগাব। বিশ্বকাপৰ অভিষেক খেলতে জয়েৰে অভিযান আৰম্ভ কৰা পাকিস্তানে পৰৱৰ্তী খেলত নিউজিলেণ্ডৰ বিৰূদ্ধে অৱতীৰ্ণ হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular