spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়া‘ডেথ অ’ভাৰ স্পেচিয়েলিষ্ট’ৰ বিদায়! বিশ্বকাপৰ মঞ্চত বিৰাট ঘোষণা ধোনী সতীৰ্থৰ...

‘ডেথ অ’ভাৰ স্পেচিয়েলিষ্ট’ৰ বিদায়! বিশ্বকাপৰ মঞ্চত বিৰাট ঘোষণা ধোনী সতীৰ্থৰ…

নতুন দিল্লীঃ বিশ্বকাপৰ দিনবোৰ ভালে নগ’ল কেৰিবিয়ান বাহিনীৰ। শ্ৰীলংকাৰ হাতত পৰাজিত হোৱাৰ পাছত ছেমিফাইনেলত উপনীত হোৱাৰ স্বপ্নই বাস্তৱ ৰূপ নাপালে ৱেষ্ট ইণ্ডিজৰ। চলিত টি-২০ বিশ্বকাপত দলটোৰ শোচনীয় প্ৰদৰ্শনে হতাশ কৰিছে অনুৰাগীক। ইয়াৰ মাজতে আহিছে এক দুঃখবৰ। কেৰিবিয়ান অলৰাউণ্ডাৰ ডুৱাইন ব্ৰাভোৰ ডাঙৰ ঘোষণা । আইপিএলত চিএছকেৰ হৈ খেলা ছুপাৰষ্টাৰে গৰাকীয়ে টি-২০ বিশ্বকাপৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বুলি সদৰী কৰিছে। অষ্ট্ৰেলিয়াৰ হৈ গ্ৰুপ লীগৰ অন্তিমখন খেলত তাৰকা অলৰাউণ্ডাৰজনক শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজৰ জাৰ্ছীত দেখা পালে অনুৰাগীয়ে। খেলখনৰ পাছত ব্ৰাভোৱে কয়, ‘অৱসৰ লোৱাৰ সময় হৈছে। মোৰ এটা ভাল কেৰিয়াৰ আছিল। উত্থান-পতনৰ মাজেৰে এইখিনি পাইছো।

ইমান দিন ধৰি কেৰিবিয়ান দলৰ হৈ প্ৰতিনিধিত্ব কৰিব পাৰিছো, মোৰ ভাল লাগিছে। ’ উল্লেখ্য যে, ২০০৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে অকলেণ্ডত টি-২০ ত আত্মপ্ৰকাশ কৰিছিল ব্ৰাভোই। তাৰ পাছত ৯০খন টি-২০ত ২২.২৩ গড়ে আৰু ১১৫.৩৮ ষ্ট্ৰাইক ৰেটৰ সহায়ত ১২৪৫ ৰান সংগ্ৰহ কৰিছিল। ডেথ অ’ভাৰ স্পেছিয়েলিষ্ট আছিল ব্ৰাভো। ৰাষ্ট্ৰীয় দলৰ হৈ ৭৮ টা উইকেটো লৈছে ব্ৰাভোই। ব্ৰাভোৰ উপস্থিতিতেই ২০১২ আৰু ২০১৬ চনত ৱেষ্ট ইণ্ডিজে টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিছিল। অৱশ্যে, চলিত বিশ্বকাপত একেবাৰে ফৰ্মত নাছিল তাৰকা ক্ৰিকেটাৰগৰাকী। চাৰিখন গ্ৰুপ পৰ্যায়ৰ খেলত ব্ৰাভোৰ বেটৰ পৰা আহিছে মাত্ৰ ১৬ ৰান । উইকেটৰ সংখ্যাও মাত্ৰ দুটা। এনে এক হতাশাজনক ফলাফলৰ পাছত ব্ৰাভোৱে কয়, ‘আমি এনে ধৰণৰ বিশ্বকাপ আশা কৰা নাছিলো। কিন্তু ক্ৰিকেটাৰ হিচাপে আমি এই ফলাফলৰ বাবে একেবাৰে দুঃখিত নহয়। প্ৰতিদ্বন্দ্বিতামূলক প্ৰতিযোগিতা হৈছে। আমি ইয়াৰ পৰা শিক্ষা লম।’ স্মৰ্তব্য যে, গ্ৰুপ পৰ্যায়ত ৱেষ্ট ইণ্ডিজে বাংলাদেশৰ বিৰুদ্ধেহে লাভ কৰিছে একমাত্ৰ জয়। দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ইংলেণ্ড তিনিওখন মেচতে পৰাজিত হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দলটো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular