spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াখজুৱাই খৰ বঢ়াইছে আমীৰে; সীমা চেৰাই যোৱা পাকিস্তানী ক্ৰিকেটাৰক উভতি ধৰিছে ভাজ্জিয়ে

খজুৱাই খৰ বঢ়াইছে আমীৰে; সীমা চেৰাই যোৱা পাকিস্তানী ক্ৰিকেটাৰক উভতি ধৰিছে ভাজ্জিয়ে

ডিজিটেল ডেস্কঃ টি-২০ ৱৰ্ল্ড কাপৰ দেওবাৰে অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তানৰ খেলখনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত ভাৰত পৰাস্ত হোৱাৰ পাছৰে পৰাই আৰম্ভ হৈছে ডিজিটেল যুদ্ধ। ডিজিটেল মাধ্যমত কিছু লোকে অসহনীয় বাক্যবাণেৰে মহম্মদ স্বামীক আক্ৰমণ কৰা ঘটনা দেশজুৰি চৰ্চিত হৈ থকাৰ মাজতে টুইটাৰ গৰম হৈছে আন দুজন ক্ৰিকেটাৰৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত।

এইবাৰ যুঁজ চলিছে দুগৰাকী বলাৰৰ মাজত। হৰভজন সিং আৰু মহম্মদ আমীৰ লিপ্ত হৈছে বাকযুদ্ধত। দেওবাৰৰ মেচখনৰ অন্তত পাকিস্তানী পেচাৰ মহম্মদ আমীৰে ভাৰতীয় স্পীনাৰ হৰভজন সিঙক উদ্দেশ্যি কৰা ইতিকিংসূচক মন্তব্যৰ পৰাই সূত্ৰপাত হয় টুইটাৰ যুঁজখনৰ। প্ৰথমতে দুয়োগৰাকী খেলুৱৈৰ মাজত শীতল ঠাট্টা-মস্কৰা চলিছিল যদিও পাছলৈ আমীৰে কিছু অখেলুৱৈসুলভ মন্তব্য দিয়াত খঙত অগ্নিশৰ্মা হৈ উঠে ভাজ্জি।

প্ৰাক্তন পাকিস্তানী অধিনায়ক শ্বাহিদ আফ্ৰিদিয়ে হৰভজনৰ বলত কেইবাটাও ছিক্সাৰ কোবোৱা এক ভিডিঅ’ শ্বেয়াৰ কৰি পৰিবেশ গৰম কৰে আমীৰে। সেই বিশেষ টুইটটোৰ প্ৰত্যুত্তৰত হৰভজনে ২০১০ চনৰ পাকিস্তান-ইংলেণ্ডৰ মাজৰ লৰ্ডছ টেষ্টৰ এখন ফটো শ্বেয়াৰ কৰে, য’ত মহম্মদ আমীৰ স্পট ফিক্সিঙত অভিযুক্ত প্ৰমাণিত হৈছিল। নিজৰ টুইটত হৰভজনে কয়, ‘লৰ্ডছত ন’ বল কেনেকৈ হৈছিল? টেষ্ট ক্ৰিকেট হয় ন’ বল কেনেকৈ হ’ব পাৰে? ধুনীয়া খেলটোক কলুষিত কৰা তোমাক আৰু তোমাৰ অন্য সমৰ্থকসকলক দিক্কাৰ দিছোঁ’। ইমানতে ক্ষান্ত নাথাকি পাকিস্তানী বলাৰজনে হৰভজনক উদ্দেশ্যি অপমানজনক ভাষা প্ৰয়োগ কৰে। নিজৰ মৰ্যাদা অক্ষুন্ন ৰাখি হৰভজনে আমীৰৰ দৰে মানুহক এৰাই চলাটোৱে শ্ৰেয় বুলি ব্যক্ত কৰে।

‘টাৰ্বানেটৰ’ খ্যাত ভাৰতীয় স্পীনাৰগৰাকীয়ে নিজৰ শেষৰটো টুইটত আমীৰৰ বলত তেওঁ কোবোৱা এটা বিশাল ছিক্সাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে। পোষ্টটোৰ কেপশ্যনত হৰভজনে লিখে, ‘ফিক্সাৰ কো ছিক্সাৰ.. আউট অব দ্য পাৰ্ক, চল দফা হো যা’।

উল্লেখযোগ্য যে, ২০১০ চনত পাকিস্তানৰ ইংলেণ্ড ভ্ৰমণত মহম্মদ আছিফ, মহম্মদ আমীৰ আৰু ছলমান বাট স্পট ফিক্সিঙত জড়িত হৈ অভিযুক্ত হৈছিল।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular