spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াকোহলী ব্ৰিগেডক সকিয়নী পাক অধিনায়কৰ, বেটে-বলে প্ৰত্যুত্তৰৰ অংগীকাৰ ভাৰতৰ...

কোহলী ব্ৰিগেডক সকিয়নী পাক অধিনায়কৰ, বেটে-বলে প্ৰত্যুত্তৰৰ অংগীকাৰ ভাৰতৰ…

নতুন দিল্লীঃ বিদায় আইপিএল, স্বাগত বিশ্বকাপ। অপেক্ষাৰ ক্ষণ গণিছে ক্ৰীড়ানুৰাগীয়ে। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্ম আপ খেলত অৱতীৰ্ণ হোৱাৰ পাছত ২৪ অক্টোবৰত ভাৰতৰ অগ্নিপৰীক্ষা! আমিৰাত অনুষ্ঠিত হ’ব বিশ্বকাপৰ হাইভল্টেজ খেল। অভিষেক খেলত চিৰবৈৰী পাকিস্তানৰে যুঁজ দিব ভাৰতে। কোহলী ব্ৰিগেডে পাকিস্তানৰে মুখামুখী হোৱাৰ পূৰ্বেই পোহৰলৈ আহিছে বিবিধ বাৰ্তা। দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে উত্‍কন্ঠা। পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ইতিমধ্যে ভাৰতক পৰাস্ত কৰাৰ সপোন দেখিছে।

বিৰাট কোহলীক সতৰ্ক কৰি তেওঁ কয়, ‘আমি জিকিমেই। যিহেতু এইবাৰ ইউএইত বিশ্বকাপ অনুষ্ঠিত হৈছে গতিকে আমাৰ বিজয় নিশ্চিত।’ পাক অধিনায়ক গৰাকীয়ে লগতে কয় যে, ‘আমি বিগত ৩-৪ বছৰ ধৰি আমিৰাত খেলি আছো। আমিৰাৰ পৰিৱেশৰ বিষয়ে আমাতকৈ ভালদৰে কোনেও নাজানে। উইকেট কেনেকুৱা হ’ব আমাৰ বেটছমেনসকলে ভালদৰে জানে । গতিকে, যুঁজ দিয়াত আমাৰ অসুবিধা নহয়। সম্পূৰ্ণ নিশ্চয়তাৰে কওঁ-আমি জিকিম।’ উল্লেখ্য যে, এদিনীয়া ক্ৰিকেট হওক বা টি-২০ বিশ্বকাপ পাকিস্তানে এতিয়াও ভাৰতক পৰাস্ত কৰিব পৰা নাই। কিন্তু আকোৰগোঁজ বাবৰ।অতীতক দোহাৰিব বিচৰা নাই বাবৰে।

তেওঁ কয়, ‘প্ৰতিখন খেলত কিমান চাপ আমি জানো। বিশেষকৈ প্ৰথমখন খেল সদায় ব্যতিক্ৰম। মই আশা কৰোঁ, আমি খেলখনত জয়লাভ কৰিম! আমি ভাৰতক পৰাস্ত কৰি যাত্ৰা আৰম্ভ কৰিব পাৰিলে আমাক ৰূধিব পৰাটো অসম্ভৱ। যিকোনো প্ৰতিযোগিতাৰ সফল আৰম্ভণি দলটোৰ আত্মবিশ্বাসৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। আমি বিশ্বাস-জয়ী হ’মেই।’ বিশ্বকাপত কেপ্টেইন বাবৰে অপেনিং ইনিংছ খেলিব বুলিও সদৰী কৰে। মহম্মদ ৰিজৱানৰ সৈতে অপেনিং ইনিংছ খেলিব বাবৰে। অৱশ্যে, প্ৰয়োজনত পৰিকল্পনা সলনিৰো ইংগিত পাক অধিনায়কৰ। বাবৰৰ কটাক্ষৰ বিপৰীতে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কিং কোহলীয়ে। শেহতীয়াকৈ, কোহলীয়ে মৌনব্ৰত ধাৰণ কৰিলেও ক্ৰীড়া প্ৰাংগনত বেটে-বলে চিৰবৈৰী পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত যে সাজু সেয়া নিশ্চিত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular