spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeক্ৰীড়া‘মাহী’ৰ বন্দনাত মুখৰ ‘মহাৰাজ’, কি ক’লে ?

‘মাহী’ৰ বন্দনাত মুখৰ ‘মহাৰাজ’, কি ক’লে ?

নতুন দিল্লীঃ কে‌ইদিনমান পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহে আগন্তুক টি-২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেটকৰ যুগদ্ৰষ্টা ধোনীয়ে পৰামৰ্শদাতাৰ ভূমিকাত অৱতীৰ্ণ হ’ব বুলি জনাইছিল। মাহীয়ে নিজেই ভাৰতীয় দলটোৰ সকলো পৰিকল্পনা আৰু ৰণ কৌশল প্ৰস্তুত কৰিব বুলিও প্ৰকাশ কৰিছিল ব’ৰ্ডৰ সচিবগৰাকীয়ে। আনকি ভাৰতীয় দলটোৰ সৈতে ধোনীক সংযুক্ত কৰাৰ পাছতে মুখ খুলি‌ছে স্বয়ং ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। সৌৰভ গাংগুলীয়ে সদৰী কৰে যে, ‘ভাৰতীয় দলত ধোনীক অন্তৰ্ভুক্ত কৰাৰ কাৰণ হৈছে তেওঁৰ বিশাল অভিজ্ঞতাক কাৰ্যত লগোৱা।

বিশ্বকাপৰ সমগ্ৰ টুৰ্নামেন্টত ভাৰতীয় দলটোক পৰিচালনাৰ বাবে ব’ৰ্ডে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে তেওঁক ধন্যবাদ।’ উল্লেখ্য যে, ভাৰ্চুৱেল প্ৰেছ কনফাৰেঞ্চৰ জৰিয়তে জয় শ্বাহে ধোনীক পৰামৰ্শদাতা দিচাপে ঘোষণা কৰাৰ পাছত ধোনীয়েও ভাৰতীয় দলটোক আগবঢ়াই লৈ যোৱাৰ ইচ্ছাপ্ৰকাশ কৰিছে। কিংবদন্তি তাৰকা ধোনীৰ ইতিবাচক সহাঁৰিত স্বাভাৱিকতে উচ্ছসিত হৈ পৰিছে ক্ৰীড়ানুৰাগী। ইন্ডিয়া টুডে’ৰ এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, ‘ধোনীক মেন্টৰ হিচাপে নিয়োগ কৰাৰ সিদ্ধান্ত মূলত সচিব জয় শ্বাহৰ।

দুমাহ পূৰ্বে ধোনীৰ সৈতে যোগাযোগ কৰিছিল সচিবগৰাকীয়ে। নিজৰ ভূমিকা সম্পৰ্কে বিস্তাৰিতভাৱে জনাৰ পাছত মেন্টৰ হিচাপে দ্বা‌য়িত্ব পালনত সন্মতি প্ৰদান কৰে ধোনীয়ে।’ ইয়াৰ পূৰ্বে জয় শ্বাহে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু সহঃঅধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ধোনীৰ অন্তৰ্ভুক্তি প্ৰসংগত আলোচনা কৰে আৰু দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে শ্বাহৰ প্ৰস্তাবত সন্মতি জনাইছে। বিৰাট-ৰোহিত মান্তি হোৱাৰ পাছতে ৰবি শাস্ত্ৰীৰ সৈতে আলোচনা কৰিছিল তেওঁ। ইফালে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে এইখনে অন্তিম টুৰ্নামেন্ট ৰবি শাস্ত্ৰীৰ। মূখ্য প্ৰশিক্ষকৰ দৰে দ্বায়িতত্ব পালনৰ বাবে ধোনীক পৰামৰ্শদাতা হিচাপে নিযুক্ত কৰা হৈছে।ধোনীৰ নিযুক্তিত সুখ প্ৰকাশ কৰিছে শাস্ত্ৰীয়ে। তেওঁ কয়, ‘ধোনীৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় দলক উপকৃত কৰিব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular