spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়ফেচবুকত নিষিদ্ধ তালিবান : তালিবানৰ সমৰ্থনত পোষ্ট দিলে সন্মুখীন হ’ব শাস্তিৰ

ফেচবুকত নিষিদ্ধ তালিবান : তালিবানৰ সমৰ্থনত পোষ্ট দিলে সন্মুখীন হ’ব শাস্তিৰ

কাবুল : আফগানিস্তানৰ তালিবান উগ্ৰপন্থীসকলক নিষিদ্ধ ঘোষণা কৰিলে ফেচবুকে। এই নীতি হোৱাটছ এপ আৰু ইনষ্টাগ্ৰামৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ফেচবুক কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে। ইণ্টাৰনেটত এই মাধ্যমসমূহত তালিবানৰ সমৰ্থনত দিয়া সকলো পোষ্ট বা মন্তব্য নিষিদ্ধ ঘোষণা কৰা হৈছে।

ফেচবুক কৰ্তৃপক্ষই জানিবলৈ দিছে যে, কোনো লোকে তালিবানৰ সমৰ্থনত কোনো পোষ্ট বা মন্তব্য কৰিলে সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব। ফেচবুকৰ মুখপাত্ৰই আজি প্ৰকাশ কৰিছে যে, বিপজ্জনক সংগঠন সংক্ৰান্তীয় নিয়মাৱলী মানি তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।

ফেচবুকৰ মুখপাত্ৰজনে কয় যে, তেওঁলোকে গভীৰভাৱে আফগানিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। তালিবানৰ সমৰ্থনত দিয়া পোষ্টসমূহ মুচি পেলোৱা হ’ব। যি একাউণ্টৰ পৰা এনেধৰণৰ পোষ্ট আহে সেইসমূহ নিষিদ্ধ কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular