spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআন্তঃৰাষ্ট্ৰীয়তালিবানৰ নিৰ্দেশত চলিব আফগানিস্তানৰ টেলিভিছন...

তালিবানৰ নিৰ্দেশত চলিব আফগানিস্তানৰ টেলিভিছন…

ডিজিটেল ডেস্ক : তালিবানী শাসনৰ কঠোৰ নাৰী বিদ্বেষী আইনৰ মেৰপাকত সোমাই পৰিছে মহিলা সাংবাদিকসকল। তালিবানে বলৱৎ কৰা টেলিভিছন চেনেল সম্পৰ্কত নাৰীৰ বিৰুদ্ধে কঠোৰ নীতি নিৰ্দেশনা জাৰী কৰিছে। প্ৰকাশিত বাতৰি মতে তালিবানে টেলিভিছন চেনেলসমূহৰ বাবে মুঠ আঠটা নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

১. এই নিৰ্দেশনা অনুসৰি নিউজ চেনেলৰ মহিলা বাতৰি পৰিৱেশকে মূৰত হেডস্কাৰ্ফ পৰিধান কৰাতো বাধ্যতামূলক হ’ব।
২. শ্বৰীয়া বা ইছলামিক আইন আৰু আফগান মূল্যবোধৰ নীতি বিৰোধী চিনেমা সম্প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।
৩. নাৰীক অভিনয় কৰা বাধাৰ দিয়াৰ লগতে পুৰুষৰ শৰীৰৰ স্পৰ্শকাতৰ অংগসমূহৰ প্ৰদৰ্শনতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
৪. কৌতুক বা মনোৰঞ্জনৰ মাধ্যমেৰে আফগান মূল্যবোধ বা ধৰ্মক অপমান কৰাৰ যিকোনো দৃশ্য-শ্ৰব্য মাধ্যমকে নিষিদ্ধ কৰিছে তালিবানে।
৫. বিদেশী সংস্কৃতি বা মূল্যবোধ প্ৰচাৰ কৰা যিকোনো বিদেশী চলচ্চিত্ৰকে আফগানিস্তানৰ ভিতৰত সম্প্ৰচাৰ কৰাত বাধা আৰোপ।
৬. আফগানিস্তানৰ টেলিভিছন চেনেলসমূহত বিদেশী কাহিনীৰে নিৰ্মিত ধাৰাবাহিকত মহিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিলে তালিবানৰ নতুন আইন অনুসৰি সম্প্ৰচাৰ কৰিব নোৱাৰিব।
৭. পুৰুষেও অন স্ক্ৰিনত সম্পূৰ্ণ বস্ত্ৰ পৰিধান কৰিব লাগিব
৮. নবী মহম্মদ তথা সন্মানীয় ব্যক্তিত্বক দেখুওৱা নহ’ব কোনো ছবি বা অনুষ্ঠানত
উল্লেখ্য যে তালিবানে মহিলাসকলক সম্পূৰ্ণৰূপে দমন কৰি ৰখা প্ৰচেষ্টা তথা মহিলা সাংবাদিকসকলৰ ওপৰত দিয়া এই নীতি নিৰ্দেশনাক আফগানিস্তানৰ প্ৰেছ সংগঠনসমূহে অপ্ৰত্যাশিত বুলি অভিহিত কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular