spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়কফিনত আবদ্ধ যুৱতীক ‘যৌন দাসী’ সজাই চুবুৰীয়া দেশলৈ প্ৰেৰণ তালিবানৰ

কফিনত আবদ্ধ যুৱতীক ‘যৌন দাসী’ সজাই চুবুৰীয়া দেশলৈ প্ৰেৰণ তালিবানৰ

কাবুলঃ আফগানিস্তানত তালিবানী আস্ফালনে এসপ্তাহ অতিক্ৰম কৰিলে। তালিবানে কাবুল দখল কৰাৰ লগে লগে বিশ্বজুৰি আফগানিস্তানত মহিলাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ক্ষমতালৈ অহাৰ পাছত আফগান মহিলাসকলক শ্বৰিয়াল’ৰ অধীনত অধিকাৰ দিয়া হ’ব বুলি তালিবানে প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে পোহৰলৈ আহিছে উদ্বেগজনক খবৰ! তালিবানীয়ে দেশৰ একাধিক মহিলাক ‘যৌন দাসী’ হিচাপে কাম কৰিবলৈ বাধ্য কৰা বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। অৱশ্যে, কাবুল দখল কৰাৰ পাছত মহিলাৰ অধিকাৰ হ্ৰাস কৰা নহ’ব বুলিও স্পষ্টীকৰণ দিছিল তালিবানে। তেনেক্ষেত্ৰত আফগান মহিলাক ‘যৌন দাসী’ হিচাপে ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।


তালিবানৰ বিস্ফোৰক অভিযোগত আফগানৰ প্ৰাক্তন ন্যায়াধীশ নাজালা আয়ুবিয়ে দাবী কৰিছে যে, ‘বিগত কেইসপ্তাহমানত বহুতো যুৱতীক কফিনত ভৰাই ‘যৌন দাসী’ হিচাপে চুবুৰীয়া দেশলৈ প্ৰেৰণ কৰা হৈছে।‘
নতুন দিল্লীৰ হিন্দন বায়ু সেনা কেন্দ্ৰত অৱতৰণ কৰাৰ পাছত এগৰাকী আফগান মহিলাইয়ো তালিবানী ত্ৰাসৰ কথা সদৰী কয়, ‘আফগানিস্তানৰ পৰিস্থিতি অধিক বেয়া হৈ আহিছে। দুৰ্যোগৰ ধ্বংস দেখি মই হতবাক হৈছিলো। তালিবান যোদ্ধাসকলে আমাৰ ঘৰবোৰ জ্বলাই দিছে। তালিবান ভয়ানক! যৌন দাসী সজাইছে যুৱতীসকলক।

কেনেবাকৈ আমি আমাৰ ছোৱালী আৰু দুই নাতিৰ সৈতে পলাই গৈছিলোঁ আৰু ইয়ালৈ আহিছিলোঁ। ভাৰতীয় ভাই-ভনীসকলে আমাক উদ্ধাৰ কৰিছে। আমি গোটেই জীৱন ভাৰতৰ ওচৰত কৃতজ্ঞ থাকিম।’
ভাৰতত দেওবাৰে কাবুলৰ পৰা ১৬৮ জন লোকক উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত, ১০৭ জন ভাৰতীয় ৬১জন আফগান নাগৰিক। উল্লেখ্য যে, বিগত কেইদিনমানত আফগানিস্তানৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। আফগানিস্তানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ কাবুল বিমান বন্দৰত সাধাৰণ প্ৰৱেশ নিষিদ্ধ কৰিছে। ফলত দিকবিদিগ হেৰুৱাইছে আফগানসকলে দেওবাৰে কাবুল বিমান বন্দৰতে মৃত্যুমুখত পৰিছে ৭জনকৈ আফগান নাগৰিক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
28 ° C
28 °
28 °
83 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular