Google search engine
27 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeব্ৰেকিং নিউজঅৱশেষত কালান্তক কৰ'নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন

অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন

চেন্নাই: তামিলনাডুত সম্পূৰ্ণ লকডাউন ঘোষণা৷ ১০ মে’ৰ পৰা দুসপ্তাহৰ বাবে তামিলনাডুত হ’ব লকডাউন৷ ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰে৷ ১০ মে’ৰ পৰা ২৪ মে’লৈ ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে। তামিলনাডুত শুক্ৰবাৰে ক’ভিড আক্ৰান্তই ২৫০০০-ৰ সীমা অতিক্ৰম কৰিছে৷ ৰাজ্যখনত ২৬,৪৬৫ টা নতুন ক’ভিডৰ সংক্ৰমণ ঘটিছে৷ যাৰ ফলত আক্ৰান্তৰ সংখ্যা ১.৩৫ লাখলৈ বৃদ্ধি হৈছে।

আৰু পঢ়িব পাৰিব :  সুখবৰ : সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন ৰূপসী বিমানবন্দৰ পুনৰ মুকলি হ’ব

শুক্ৰবাৰে ক’ভিডত ১৯৭জন লোকৰ মৃত্যু ঘটে৷ ফলত মুঠ মৃতকৰৰ সংখ্যা ১৫,১৭১ লৈ বৃদ্ধি পাই। ৰাজ্যখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১৩.২৩ লাখ। তথ্য অনুসৰি, বিগত দুমাহত চেন্নাইত ক’ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ গড় সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব :  মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত

গ্ৰেটাৰ চেন্নাই কৰ্পোৰেচন (জিচিচি)ৰ চৰকাৰী তথ্যই দেখুৱাইছে যে, মাৰ্চ মাহত চহৰখনত প্ৰতিদিনে গড়ে তিনিজনৰ মৃত্যু হৈছিল৷ কিন্তু এই মাহটোৰ এই সংখ্যা ৯০জন হয় গৈ । ইয়াৰ তুলনাত, চহৰখনত দৈনিক ক’ভিড-১৯ মৃত্যুৰ গড় সংখ্যা এপ্ৰিলত ১৬.৭ লৈ বৃদ্ধি হৈছিল৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular