Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeবাণিজ্যডঃ সঞ্জীৱ নাৰায়ণৰ পদক্ষেপ: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে টাটাৰ নতুন শ্ব’ৰূম

ডঃ সঞ্জীৱ নাৰায়ণৰ পদক্ষেপ: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে টাটাৰ নতুন শ্ব’ৰূম

গুৱাহাটী : ‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণৰ আন এক বৃহৎ পদক্ষেপ৷ গুৱাহাটীৰ লালমাটিত বুধবাৰে ডঃ নাৰায়ণে আনুষ্ঠানিকভাৱে টাটা মটৰ্ছৰ এটা শ্ব’ৰূম আৰম্ভ কৰে৷ অসম অট’মোবাইলছ নামৰ এই শ্ব’ৰুমটো মুকলি অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহাল, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাস তথা টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে৷

অভিজাত শ্ব’ৰূমটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শ্ব’ ৰূমটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ডঃ সঞ্জীৱ নাৰায়ণৰ এই প্ৰচেষ্টাক শ’লাগ লয়৷ কৰ’না মহামাৰীসৃষ্ট প্ৰতিকূল পৰিৱেশৰ মাজতে ডঃ নাৰায়ণৰ এই পদক্ষেপক সাহসী আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এই শ্ব’ৰূমটোৱে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত কিছু হ’লেও বৰঙণি আগবঢ়াব বুলি আশা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। আনহাতে, ক’ভিডৰ সময়ত টাটা মটৰ্ছ এণ্ড ছান্স-এ অসমলৈ ১৫০০ কোটি অনুদান আগবঢ়ায়৷ টাটাৰ এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে কয়, ‘টাটা মটৰ্ছ আজি দেশৰ উদ্যোগ খণ্ডৰ এটা অগ্ৰণী নাম৷ দেশৰ জনগণে বহু বছৰ বছৰ ধৰি আমাক প্ৰথম স্থানত ৰাখিছে৷ গ্ৰাহকৰ অফুৰন্ত মৰমৰ বাবেই আজি আমি গাড়ীৰ বজাৰৰ লিডাৰত পৰিণত হৈছোঁ।’ সঞ্জীৱ নাৰায়ণলৈ ভালেমান মূল্যমান পৰামৰ্শও আগবঢ়ায় তেওঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular