Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকক হত্যা

ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকক হত্যা

ডিফুঃ ভোগালীৰ আনন্দৰ মাজতে ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ ডিফুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ যোগ বিষয়ৰ শিক্ষকক হত্যা কৰিছে কোনো দুৰ্বৃত্তই৷ ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকগৰাকী নগাঁৱৰ পানীগাঁৱৰ তন্ময় দাসৰ মৃতদেহ আজি পুৱা ডিফুৰ ৰংমংৱেত উদ্ধাৰ হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়।

আৰু পঢ়িব পাৰিব : কাইলৈৰ পৰা আৰম্ভ প্ৰতিষেধক প্ৰক্ৰিয়া : অসমত কোনে পাব প্ৰথম ভেকচিন ?

প্ৰায় তিনিবছৰ ধৰি ডিফু কেন্দ্ৰীয় বিদ্যালয়ত ঠিকাভিত্তিত কাম কৰি থকা শিক্ষকগৰাকীয়ে কালি নিশা ১১ বজালৈকে নগাঁৱত থকা দেউতাকৰ লগত কথা পাতিছিল ৷ সেয়ে নিশা শিক্ষকগৰাকীক ভাৰাঘৰৰ পৰা কোনো লোকে মাতি আনি হত্যা কৰি মৃতদেহটো ৰংমংৱেত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ শিক্ষকগৰাকীয়ে ডিফুৰ পি বি বজাৰৰ ওচৰত ভাৰাতীয়া হিচাপে আছিল৷ মৃতদেহ পোৱা ঠাইৰ পৰা তেওঁ থকা ঠাইৰ দূৰত্ব প্ৰায় এক কিলোমিটাৰ হ’ব৷

আৰু পঢ়িব পাৰিব : চোৰাং বেহাৰ ৰম্যভূমি ধুবুৰীত এইবাৰ শিল-বালিৰ ছিণ্ডিকেট

সেয়ে নিশা কোনো চিনাকী লোকে ফোন কৰি মাতি আনি এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে৷ এগৰাকী চিকিৎসকে পুৱাতে মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে এইটো হত্যাকাণ্ড বুলি স্পষ্ট কৰাৰ লগতে তদন্তত সকলো কথা স্পষ্ট হ’ব বুলি কয়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular