spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াৰোহিতৰ অগ্নিপৰীক্ষা, কোনে চলাব কোহলী বিহীন ভাৰতীয় দলৰ জঠৰ চকা?

ৰোহিতৰ অগ্নিপৰীক্ষা, কোনে চলাব কোহলী বিহীন ভাৰতীয় দলৰ জঠৰ চকা?

নতুন দিল্লীঃ কোহলীৰ প্ৰস্থান আৰু ৰোহিতৰ আগমন ভাৰতীয় ক্ৰিকেটৰ এক বিৰল পৰিঘটনা হিচাপে সাক্ষী হৈ ৰ’ব। ধোনীৰ পাছতে ভাৰতীয় দলৰ ভাৰ কান্ধত লৈছিল কোহলীয়ে। শেহতীয়াকৈ কোহলীয়ে অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ লগে লগে ৰোহিতেই হৈ পৰিছে সৰ্বেসৰ্বা। সমুখত নিউজিলেণ্ড ছিৰিজ। কিদৰে সাজু ভাৰত? আইচিচি প্ৰতিযোগিতাত ভাৰতৰ বাবে বাটৰ কাইট হৈ দেখা দিছে নিউজিলেণ্ড। বাৰে বাৰে নিউজিলেণ্ডৰ হাতত পৰাস্ত হ’বলগীয়া হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল ভাৰত। ১৯৯৯ চনৰ পৰা ২০২১ চনলৈ নিউজিলেণ্ডেৰে ভাৰতে ৮বাৰ মুখামুখী হৈ মাত্ৰ এখন খেলতহে বিজয়ী হৈছে। এইবাৰো টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত ভাৰতৰ প্ৰস্থান ঘণ্টা বাজি উঠিছিল।

কেন উইলিয়ামছন বাহিনীয়ে দেওবাৰে আফগানিস্তানক পৰাস্ত কৰাৰ পাছত টি-২০ বিশ্বকাপৰ পৰা ভাৰতৰ বিদায় নিশ্চিত হৈ পৰে। উল্লেখ্য যে, ১৯৯৯ চনত এদিনীয়া বিশ্বকাপত ভাৰত আৰু নিউজিলেণ্ডে প্ৰথমবাৰৰ বাবে সমুখ-সমৰত অৱতীৰ্ণ হৈছিল। মহম্মদ আজহাৰুদ্দিনৰ ভাৰতে ২৫১ ৰান সংগ্ৰহ কৰিছিল যদিও মেট হৰ্ণৰ হাতত পৰাজিত হৈছিল ভাৰত। পৰৱৰ্তী বৰ্ষত সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতক হেৰুৱাইছিল ক্ৰিছ কেয়াৰ্নৰ নিউজিলেণ্ডে। ১১৩টা বলত ১০২ ৰানৰ দৰ্শনীয় ইনিংছ খেলি প্ৰায় এককভাৱে মেচখন আগুৱাই নিছিল ক্ৰিছ কেয়াৰ্নে। অথলে গৈছিল সৌৰভৰ শতকীয় ইনিংছ। অৱশ্যে, ২০০৩ চনৰ বিশ্বকাপত সেই পৰাজয়ৰ প্ৰতিশোধ লৈছিল সৌৰভ গাংগুলীৰ ভাৰতে। ভাৰতে নিউজিলেণ্ডক ১৪৬ ৰানত সীমাবদ্ধ ৰাখিছিল। বিশ্বকাপৰ ছুপাৰ ৬ পৰ্যায়ত সহজ জয়ৰ সোৱাদ বুটলিবলৈ সক্ষম হৈছিল ভাৰতে। ইয়াৰ পাছত আৰু ভাৰতে আইচিচি টুৰ্নামেণ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে কোনো সফলতা অৰ্জন কৰিব পৰা নাই। পৰৱৰ্তী সময়ত টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৰে প্ৰতিযোগিতাত দুয়োটা দলে একাধিকবাৰ মিলিত হৈছে।

অধিনায়ক সলনি হৈছে, ক্ৰিকেটাৰো সলনি হৈছে, কিন্তু ফলাফলত কোনো পৰিবৰ্তন নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন খেলতো ভাৰতে পিন্ধি ল’বলগীয়া হৈছিল পৰাজয়ৰ মালা। ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত কিৱিসকলৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ সেই হৃদয়বিদাৰক দিনটোৰ কথা কোনে পাহৰিব পাৰে! প্ৰত্যাশা অনুসৰি, নতুন আশাৰে ৰোহিত শৰ্মাকে ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰিছে বিচিচিআই-এ। আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই। নিউজিলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটোৰ বাবে বিশ্ৰাম দিয়া হৈছে ৰান মেছিন কোহলীক। স্মৰ্তব্য যে, ১৭ নৱেম্বৰত ভাৰত-নিউজিলেণ্ডৰ টি-২০ শৃংখলা আৰম্ভ হ’বলৈ গৈ আছে। বিচিচিআই-এ শেহতীয়াকৈ এই শৃংখলাটোৰ বাবে ১৬ জনীয়া ভাৰতীয় দলটোৰ ঘোষণাও কৰিছে। এক বিবৃতি যোগে ৰোহিত শৰ্মাই অধিনায়ক হিচাপে আৰু লোকেশ ৰাহুলে উপ-অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিব বুলি জনাইছে বিচিচিআই-এ। ৰোহিত-ৰাহুলৰ ৰণকৌশলে ভাৰতীয় অনুৰাগীৰ মুখত হাঁহি বিৰিঙাৱ পাৰিবনে? নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে দেখিব নে সেই প্ৰত্যাশিত জয়ৰ মুখ? অধীৰ আগ্ৰহেৰে তালৈ বাট চাইছে ভাৰতীয় ক্ৰীড়ানুৰাগীয়ে…।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular