Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeব্ৰেকিং নিউজ২০ খন টেম্পোক ক'ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!

২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!

যি সময়ত সমগ্ৰ দেশে ক’ভিডৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে, সেইসময়ত কোচিৰ এগৰাকী ব্যৱসায়ীৰ মহানুভবতাই সকলোবোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লোকজনে জিলাখনত ক’ভিড চিকিৎসাৰ বাবে তেওঁৰ বাহনবোৰ কভিড-কেয়াৰ এম্বুলেন্সলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।

আৰু পঢ়িব পাৰিব : ভোট গননা : নিৰ্বাচন আয়োগে জাৰি কৰিলে নতুন নিৰ্দেশনা

শেহতীয়াকৈ, ত্ৰিককাৰাৰ বাসিন্দা নাজিব ভেল্লাকাল নিজেই এক সংকটৰ সন্মুখীন হৈছিল যেতিয়া তেওঁ ক’ভিড পজিটিভ কৰ্মচাৰীসকলক পালাক্কাডত থকা তেওঁৰ গৃহচহৰলৈ থবলৈ বাহন এখন পোৱা নাছিল। তেওঁ জয়নুল ট্ৰেভেলছৰ অধীনত ২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ কৰিছিল।

তেওঁ কৈছে, ‘মই পিছফালৰ দীঘলআসনৰ বাহিৰে সকলো বোৰ আসন আঁতৰাই দিছিলো।’ ‘মই চালকজনৰ বাবে এটা পিপিই কিট কিনিছিলো আৰু প্লাষ্টিকৰ চাদৰ ব্যৱহাৰ কৰি চালকৰ কেবিনটো পৃথক কৰিছিলো আৰু পালাক্কাডত ক’ভিড পজিটিভ ব্যক্তিজনৰ সেৱাৰ বাবে কাম কৰিছিলোঁ।’ ২০ বছৰৰো অধিক সময় ধৰি বাহন ভাড়াৰ ব্যৱসায়ত থকা নাজিবে এইবুলি ব্যক্ত কৰে।

আৰু পঢ়িব পাৰিব : ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন

অৱশ্যে এই ঘটনাই তেওঁক মহামাৰীৰ সময়ত সাধাৰণ লোকৰ সংগ্ৰামৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিছিল। “মই ভাবিছিলো যে মই কিবা কৰিব পাৰো নেকি। মোৰ বাহনবোৰ কেইবা মাহ ধৰি গেৰেজত পৰি আছে, সেইবোৰ কিয় ব্যৱহাৰ নকৰো’ নাজিবে কৈছিল। আৰু তেতিয়াৰ পৰাই ক’ভিড ৰোগীৰ নিয়ন্তৰ সেৱাত বাহন সমূহ ব্যৱহৃত হয়।

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular