spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াক্ৰিকেটৰ ভগৱানে অসমলৈ আগবঢ়ালে দেৱালীৰ উপহাৰ! পঢ়ক সবিশষ...

ক্ৰিকেটৰ ভগৱানে অসমলৈ আগবঢ়ালে দেৱালীৰ উপহাৰ! পঢ়ক সবিশষ…

ডিজিটেল ডেস্ক: ক্ৰিকেটৰ ভগৱান তেওঁ৷ এটা সময় আছিল যেতিয়া বিশ্ব ক্ৰিকেটত কেৱল তেওঁৰ নামটোহে উচ্চাৰিত হৈছিল৷ প্ৰতিপক্ষৰ বাবে তেওঁ সদায় মোৰৰ কামোৰণি হৈ থাকে, বিশ্ব ক্ৰিকেটেও আনকি তেওঁক আজিও অনুসৰণ কৰে৷ তেওঁ হৈছে শচীন তেণ্ডুলকাৰ৷

ক্ৰিকেটৰ ভগৱানৰূপী মানুহজনে সময়ে-সময়ে দেখাই থাকে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন৷ যি সময়ত কভি’ড মহামাৰীয়ে ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছিল, যেতিয়া অক্সিজেনৰ অভাৱত পৰি বহুতো লোকে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল, সেই সময়তো শচীন তেণ্ডুলকাৰে ‘‘মিছন অক্সিজেনলৈ’’ ১ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল৷ শেহতীয়াকৈ শচীন তেণ্ডুলকাৰে অসমলৈ এক বিশেষ সাহায্য আগবঢ়াইছে বুলি এক খবৰ আহিছে৷

খবৰ অনুসৰি, কৰিমগঞ্জ জিলাৰ মাকুন্দ খ্ৰীষ্টান হস্পিটাললৈ চকুৰ অষ্টোপচাৰৰ বাবে ৰেটিনা কেমেৰা আগবঢ়াইছে ৷ এই সাহায্য তেওঁ ‘‘শচীন তেণ্ডুলকাৰ সাহায্য পুজি’’ৰ পৰা আগবঢ়াইছে৷ শচীন তেণ্ডুলকাৰে আগবঢ়োৱা এই সাহায্য বিশেষকৈ নৱজাত শিশুসকলৰ চকু ৰোগ ৰেটিনোপেথি’ নিৰ্ণয় কৰাত সমায় কৰিব৷

তেণ্ডুলকাৰ আগবঢ়োৱা ৰেটিনা কেমেৰাক লৈ চিকিৎসালয়খনে এতিয়া যথেষ্ট সকাহ লাভ কৰিছে৷ আৰ.ও.পি স্ক্ৰীণিংৰ সুবিধা কেৱল গুৱাহীটীতে উপলব্ধ, যি কৰিমগঞ্জৰ পৰা প্ৰায় 360 কিলোমিটাৰ দূৰত৷ গতিকে স্বাভাৱিকতে চিকিৎসালয় খনে এই সুবিধা লাভ কৰি যথেষ্ট উপকৃত হৈছে৷ টুইটাৰত শচীন তেণ্ডুলকাৰে ক’য় যে, ‘‘পোহৰৰ উৎসৱ দীপাৱালী আমাৰ সকলোৰে বাবে, গতিকে যি সকল শিশুৱে নিজৰ দৃষ্টিশক্তি হেৰুৱাইছে তেওঁলোকক মোৰ অকণমান সাদৃশ্যৰ দ্বাৰা যদি সহায় কৰিব পাৰো, তাতকৈ ডাঙৰ কথা আন একো হ’ব নোৱাৰে৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular