spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকহাফপেণ্ট কাণ্ডৰ তদন্ত কৰিবলৈ তেজপুৰত উপস্থিত তদন্তকাৰী দলঃ কি সাক্ষ্য দিলে তিনি...

হাফপেণ্ট কাণ্ডৰ তদন্ত কৰিবলৈ তেজপুৰত উপস্থিত তদন্তকাৰী দলঃ কি সাক্ষ্য দিলে তিনি নিৰীক্ষকে?

ডিজিটেল ডেস্কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ এটি কেন্দ্ৰ আছিল তেজপুৰ জি আই এম টি।কিন্তু সিদিনা হাফপেণ্ট পৰিধান কৰি কেন্দ্ৰটোলৈ পৰীক্ষা দিবলৈ যোৱা এগৰাকী ছাত্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হয় অবাঞ্চিত পৰিৱেশৰ।ছাত্ৰীগৰাকীক পৰীক্ষাত বহাত বাধা প্ৰদান কৰা আৰু পিছত পৰ্দা পৰিধান কৰি বহিবলৈ অনুমতি দিয়া ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় ৰাজ্যজোৰা চাঞ্চল্যৰ। ঘটনাৰ ব্যাপ্তি এই পৰ্যায়লৈ ঘটে যে অসম কৃষি বিশ্ববিদ্যালয়ে এখন তদন্ত কমিটি গঠন কৰি দিবলগীয়া হয়।
যি নহওঁ‌ক,তেজপুৰত সৃষ্টি হোৱা হাফপেণ্ট বিতৰ্কৰ বিভাগীয় তদন্ত আজিৰ পৰা আৰম্ভ হৈছে।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ডঃ জয়ন্ত ডেকাৰ অধ্যক্ষতাত অহা তিনিজনীয়া কমিটিয়ে দেওবাৰে তেজপুৰস্হ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্হিত হৈ অনুসন্ধান আৰম্ভ কৰে।

ইফালে এতিয়াও নিজৰ স্হিতিত অটল হৈ আছে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থী জুবলি তামুলীক বাধা প্ৰদান কৰা তিনিও গৰাকী নিৰীক্ষক। তদন্ত কমিটিৰ সন্মূখত সাক্ষ্য প্ৰদান কৰিবলৈ আহি অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত পৰীক্ষাৰ নিৰীক্ষক ক্ৰমে জে এন প্ৰধানী, দীপাংকৰ শ‌ইকীয়া আৰু ৰেজাউল ইছলামে স্পষ্টভাৱে কয় যে, ‘আমি ছাত্ৰীগৰাকীক পৰীক্ষাত বহাত বাধা দিছিলোঁ।কিন্তু তেওঁ পৰীক্ষাত বহিছিল’।
তিনিওগৰাকীয়ে লগতে কয় যে, ‘বিশ্ববিদ্যালয়ৰ প্ৰচপেক্টাছত স্পষ্ট ভাৱে মান্য সাজপাৰৰ বিধি সম্পৰ্কে উল্লেখ আছে’।

যি নহওঁ‌ক,তদন্ত কমিটিৰ সন্মুখত তিনি নিৰীক্ষকে দিয়া এই ভাষ্যক কমিটিখনে কিভাৱে বিবেচনা কৰে সেয়া লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular