spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeআঞ্চলিকধাননিত গৰু এৰাল দিবলৈ গৈছিল কিশোৰী, সুযোগ বুজি হাতত ধৰি টানি নিয়ে...

ধাননিত গৰু এৰাল দিবলৈ গৈছিল কিশোৰী, সুযোগ বুজি হাতত ধৰি টানি নিয়ে ৫৫বছৰীয়াই, তাৰ পাছত…

ডিজিটেল ডেস্ক : কিশোৰী নিৰ্যাতনৰ ঘটনাই পুনৰ তুলিছে জোঁকাৰণি। ধাননি পথাৰত গৰু এৰাল দিবলৈ যোৱা এগৰাকী কিশোৰীক সুযোগ বুলি টানি নিয়ে ৫৫ বছৰীয়া আদহীয়া লোকে। লোকজনে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত সৃষ্টি হৈছে চাঞ্চল্যৰ। শিৱসাগৰত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা৷ জিলাখনৰ গৌৰীসাগৰত কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় এজন ৫৫ বছৰীয়া আদহীয়া লোকে৷ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিন্তামণিগড়ত সংঘটিত হৈছে এই ঘটনা৷


নকুল বৰা নামৰ লোক এজনৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, পুৱা ধাননি পথাৰত গৰু এৰাল দিবলৈ যাওঁতে লম্পট নকুল বৰাই কিশোৰীগৰাকীক ধাননি পথাৰলৈ হাতত ধৰি টানি নিয়ে৷ সেই সময়তে পথাৰত থকা আন এটি শিশুৱে ঘটনাটো দেখা পাই কৰি চিঞৰ-বাখৰ কৰে৷ ফলত কিশোৰীগৰাকীয়ে কথমপি নিজকে ৰক্ষা কৰি পলাবলৈ সক্ষম হয়৷

ইফালে, স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ লম্পট নকুলক ধৰিবলৈ কৰিবলৈ সক্ষম হয়৷ ঘটনা পোহৰলৈ অহাৰ পাছতে অভিযুক্ত নকুল বৰাক ৰাইজে আৱদ্ধ কৰি লপা-থপা দিয়ে৷ পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনীৰ সহযোগত গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে৷ ইতিমধ্যে, গৌৰীসাগৰ আৰক্ষীয়ে লম্পট নকুল বৰাক কাৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular