spot_img
28 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকএটা পথৰ সৌন্দৰ্যই হাত বাউলি দিছে পৰ্যটকক, ক’ত আছে এই পথ?

এটা পথৰ সৌন্দৰ্যই হাত বাউলি দিছে পৰ্যটকক, ক’ত আছে এই পথ?

গুৱাহাটী : চৌদিশে পাহাৰ আৰু সেউজীয়া। তাৰ মাজেৰে আগুৱাই গৈছে এটা পথ।সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পথটো পৰিণত হৈ পৰিছে এতিয়া ছেল্ফি জ’নত । সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পথটো৷ সু-উচ্চ পাহাৰ আৰু সেউজীয়াৰ মাজেৰেই এটা মসৃণ পথ। পথটোৰ কাষে কাষে পথচাৰীৰ বাবে আছে সু-ব্যৱস্থা। এক অপূর্ব দৃশ্যৰ সমাহাৰ যেন পথটোত। যেন মেঘ চুমিব এতিয়া পাহাৰে। এই বিতোপন দৃশ্যই আকৰ্ষিত কৰিছে পৰ্যটকক। দৃষ্টি আকৰ্ষণ কৰা এই পথটো আছে মহানগৰীৰ নীলাচল পাহাৰৰ বুকুত।

নীলাচলৰ বুকুৱেদি আগুৱাই গৈ মা কামাখ্যা মন্দিৰ সংযোগী এইটো এটা নতুন পথ। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰা হৈছে এই পথটো। ব্ৰহ্মপুত্ৰৰ কাষেৰে যোৱা এই পথটোৱে আকৰ্ষণ কৰিছে এতিয়া পৰ্যটকক। ব্ৰহ্মপুত্ৰৰ নৈসর্গিক পৰিৱেশৰ লগতে ঐতিহাসিক শৰাইঘাট দলঙো উপভোগ কৰিব পাৰি এই পথৰ পৰাই। প্ৰায় ৩ কি:মি: দৈৰ্ঘ্যৰ এই পথ নিৰ্মাণত ব্যয় হৈছে ৫৬ কোটি টকা৷ লোকনির্মাণ বিভাগে নির্মাণ কৰিছে এই পথটো৷

২০১৯ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই নীলাচল পাহাৰৰ মাজেদি আৰম্ভ কৰিছিল এই পথ নিৰ্মাণৰ কাম। পথছোৱাত আছে ৩টা ভিউ পইণ্টত৷ নীলাচলৰ বুকুত থকা মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা দর্শনাৰ্থীৰ ভিৰ আৰু যানজঁটৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিৰ্মাণ কৰা হৈছিল এই বিকল্প পথছোৱা। প্ৰায় সম্পূর্ণ হোৱাৰ দিশে এই পথ নিৰ্মাণৰ কাম। কিন্তু সম্পূর্ণ হোৱাৰ পূৰ্বেই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে অজস্রজনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
74 %
0kmh
75 %
Wed
27 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular