spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকপূজাত জনতাৰ কাষে-কাষে ঘূৰিছে মুখ্যমন্ত্ৰী; ক'ৰ ক'ৰ পূজাত ল'লে নৱমীৰ আশীৰ্বাদ?

পূজাত জনতাৰ কাষে-কাষে ঘূৰিছে মুখ্যমন্ত্ৰী; ক’ৰ ক’ৰ পূজাত ল’লে নৱমীৰ আশীৰ্বাদ?

ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা এতিয়া দোপত-দোপে বৃদ্ধি পাইছে। তেওঁৰ সাধাৰণ জনতাৰে সহজ সম্পৰ্ক তথা বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত সক্ৰিয়তাই তেওৰ জনপ্ৰিয়তাত অৰিহনা যোগাইছে। প্ৰায়েই তেওঁৰ ‘মামা অৱতাৰ’ ভাইৰেল হৈ পৰা দেখা যায়৷ এইবাৰ পিছে দুৰ্গাপূজাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ ঘূৰি ৰাজ্যৰ জনসাধাৰণৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়িছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ নৱমীৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ লয় দেৱীৰ আশিস।


দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা উপস্থিত হৈছিল ধুবুৰী জিলাত৷ বিভিন্ন পূজা মণ্ডপত গৈ সকলোৰে লগত একাত্ম হয় মুখ্যমন্ত্ৰীগৰাকী। ধুবুৰীৰ পূজামণ্ডপত দেৱীৰ আশিস লোৱাৰ লগতে জনসাধৰণৰো মন জয় কৰে তেওঁ৷ ধুবুৰীত তেওঁৰ সৈতে ছেলফি ল’বলৈ হেতা-ওপৰা লাগে তেওঁৰ অনুৰাগীসকলৰ মাজত৷ ডঃ শৰ্মাই আজি ধুবুৰী গুৰুদ্বাৰত অনুষ্ঠিত এখন সভাতো অংশগ্ৰহণ কৰে। গুৰুদ্বাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া-শিখৰ মাজত এক ঐতিহাসিক সম্পৰ্ক আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ সংৰক্ষণৰ পদক্ষেপো গ্ৰহণৰ বিষয়েও তেওঁ প্ৰকাশ কৰে৷ অনুষ্ঠানত উপস্থিত হৈ দালালৰাজৰ বিৰুদ্ধে সক্ৰিয় হ’বলৈ তেওঁ সকলোকে আহ্বান জনায়৷


তেওঁ কয়, ‘ধুবুৰীত দালাল আছে যদি তালিকা দিয়ক৷ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘পথত ঘূৰি থাকক, কাৰ্যালয়লৈ অহা দালালৰ তালিকা দিয়ক৷’ পূজাত ধুবুৰীলৈ গৈ দালালমুক্ত অসমৰ অংগীকাৰো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তাৰ পাছত আজি ধুবুৰীৰ পৰা বজালীলৈ বুলি ৰাওণা হয় মুখ্যমন্ত্ৰীগৰাকী৷ বজালীৰ পাটাছাৰকুছিৰ দুৰ্গাপূজাত অংশ লয় ডঃ বিশ্ব শৰ্মাই৷ দেৱীৰ চৰণত সেৱা লৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰে৷ লগতে স্থানীয় বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদানৰো ঘোষণা কৰে। মুখ্যমন্ত্ৰীক সংগ দিলে স্থানীয় বিধায়ক-মন্ত্ৰী ৰঞ্জিত দাসে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular