spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিককোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে অসম জ্বলোৱাৰ হুংকাৰ!

কোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে অসম জ্বলোৱাৰ হুংকাৰ!

ডিজিটেল ডেস্কঃ তামুলপুৰত কোচ-ৰাজবংশীসকলক সম্বৰ্ধনা অনুষ্ঠান। নাগ্ৰীজুলি আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰসন্থা, গয়বাৰী কোচ-ৰাজবংশী শাখা ছাত্ৰসন্থা আৰু কোচ-ৰাজবংশী মহিলা সমিতিৰ সহযোগত তামুলপুৰৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেওবাৰে আবেলি সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন, কোচ-ৰাজবংশীৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক কপিল দেৱ সিংহ, বিটিআৰৰ পৰ্যটন আৰু সীমা উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পূৰবী সৰকাৰ, অবিচি ব’ৰ্ডৰ মেম্বাৰ ঘনশ্যাম বৰ্মন, কোচ-ৰাজবংশী ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সাঃ সম্পাদক ভৱেন ৰাজবংশী, প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশী তথা কোচ-ৰাজবংশী ছাত্ৰসন্থাৰ বিভিন্ন বিষয়ববীয়াসকল।

সভাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনে কয় যে “আমি নিজৰ মা দেউতাৰ প্ৰথমতে পৰিচয় দিব লাগিব, প্ৰথমতে আমি কোচ-ৰাজবংশী তাৰ পাছত অসমীয়া তাৰ পাছত ভাৰতীয়।” গতিকে সকলো কোচ-ৰাজবংশী লোকে তেওঁলোকৰ প্ৰথম পৰিচয় বিনাদ্বিধাই কোচ-ৰাজবংশী বুলি দিব লাগে। বাকসা, চিৰাং, ওদালগুৰি, কোকৰাঝাৰ তথা উজনি, নামনিকে আদি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কোচ-ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰিছে। মুখ্যমন্ত্ৰীয়ে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰাত অসুবিধা নাই বুলি উল্লেখ কৰিছে যদিও আমি সেইটো বিছৰা নাই আমি বিচাৰিছো ছেটেলাইট কাউঞ্চিলৰ জৰিয়তে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সকলোকে সাঙুৰি জনজাতিকৰণ কৰিব লাগে। সকলো কাম ক্ষীপ্ৰতাৰে জধে-মধে কৰিলে কেতিয়াও সফল হ’ব নোৱাৰি, কিয়নো বিগত ১৯৯৬ চনত কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল যদিও সেই মৰ্যাদা চিৰস্থায়ী নহ’ল গতিকে আলাপ-আলোচনাৰ মাধ্যমেৰে কৰিব পাৰিলেহে সমস্যাৰ চিৰস্থায়ী সমাধান সম্ভৱ হ’ব। সুকীয়া কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰি কয় যে, সুকীয়া কমতাপুৰ ৰাজ্য গঠন হ’লে বিটিআৰখনকো অন্তৰ্ভুক্ত কৰিব লাগিব। সেয়হে বিটিচি কোচ-ৰাজবংশী ডেভেলপমেণ্ট কাউঞ্চিল গঠন কৰিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক আহ্বান জনায়। লগতে হুংকাৰ দি কয় যে, কোচ-ৰাজবংশীক জনজাতিকৰণ নকৰাৰ ফলশ্রুতিত অসম ৰক্তাক্ত হ’লে মুখ্যমন্ত্রী দায়ী হ’ব।

কোচ-ৰাজবংশীৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক কপিল দেৱ সিংহই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ’ব বুলি কোৱা কথাষাৰ সম্পূৰ্ণ ভিত্তিহীন, অমূলক বুলি মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জ্ঞাত যে ১৯৯৬ চনত কোচ-ৰাজবংশীসকলে ছয় মাহৰ কাৰণে জনজাতিৰ মৰ্যাদা লাভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন কৰিলে জনজাতিকৰণ তথা কমতাপুৰ ৰাজ্য গঠনৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো হোৱা নাই। সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনতো কোচ-ৰাজবংশী অধ্যুষিত এলেকাসমূহত নিৰ্বাচনী প্ৰচাৰত জনজাতিকৰণ তথা কমতাপুৰ ৰাজ্য দাবীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, ফলশ্ৰুতিত আমি তেওঁলোকক ভোট প্ৰদান কৰি চৰকাৰ গঠনত সহায় কৰিলো। দুখৰ বিষয় যে এতিয়ালৈ দুবাৰ নিৰ্বাচনৰ সমাপ্ত হোৱাৰ পাছত তথা দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পাছতো উক্ত সমস্যা সমাধান নহ’ল। লগতে সম্পাদকগৰাকীয়ে কয় মুখ্যমন্ত্ৰীৰ যদি সদিচ্ছা আছে তেন্তে সম্পূৰ্ণ জনগোষ্ঠীৰ মৰ্যাদা থকা জনগোষ্ঠী কোচ-ৰাজবংশীসকলক অতিশীঘ্ৰেই জনজাতিকৰণ কৰক।’ আদি কেতবোৰ বহু গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি চৰকাৰক হুংকাৰ দিয়ে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular