spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিকভোগালীৰ নিশা হাইলাকান্দিৰ ৰাজপথত সংঘটিত গুলীচালনা ঘটনা

ভোগালীৰ নিশা হাইলাকান্দিৰ ৰাজপথত সংঘটিত গুলীচালনা ঘটনা

ডিজিটেল ডেস্ক : ভোগালীৰ উৎসৱৰ মাজতে হাইলাকান্দিত ভয়াৱহ ঘটনা। বিহুৰ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গুলীচালনা। বাইকত অহা তিনি দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ গৰু ব্যৱসায়ী। ঘটনাৰ তদন্তত হাইলাকান্দিৰ অসম আৰক্ষীৰ ডি আই জি কংকনজ্যোতি শইকীয়া

শুকুৰবাৰে নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়াৱহ ঘটনা। নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ চিপৰসাংগন এলেকাত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। নিশা বাইকত অহা দুৰ্বৃত্তৰ দলে এজন যুৱকক গুলীয়াই পলায়ন কৰে। এই ঘটনাত গুলীবিদ্ধ হয় মাছুক আহমদ বৰভূঞা নামৰ এজন গৰু ব্যৱসায়ী। লগতে আঘাতপ্ৰাপ্ত হৈছে মুছতাফা আহমদ বৰভূঞা নামৰ আন এক যুৱক।

প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰ নিশা গৰু ক্ৰয় কৰিবলৈ পাঁচগ্ৰামলৈ গৈছিল মাছুক আহমদ আৰু তেওঁৰ সংগী মুছতফা। কিন্তু পাঁচগ্ৰাম এলেকাৰ পৰা নিজৰ বাইকেৰে উভতি অহাৰ সময়ত পিছফালৰ পৰা আন এখন বাইকত অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে মাছুক আহমেদ বৰভুঞাক গুলীচালনা কৰি পলায়ন কৰে। এই গুলীচালনাৰ ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হৈছে লগত থকা মুছতফা আহমদো।

সেই সময়ত শিলচৰৰ পৰা অহা এগৰাকী ট্ৰাকচালকে দুই আহতক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়। কিন্তু গুলীবিদ্ধ মাছুক আহমদৰ অৱস্থা সংকটজনক হোৱাৰ বাবে নিশাই উন্নত চিকিৎসাৰ বাবে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান অস্ত্ৰোপচাৰৰ পাছতে মাছুক আহমদৰ অৱস্থা সংকটমুক্ত আছে বুলি জনাইছে পৰিয়ালৰ লোকে। আনহাতে, এই ঘটনাৰ পাছতে সক্ৰিয় তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আজি ৰাতিপুৱা এই ঘটনাৰ তদন্তৰ বাবে আলগাপুৰত উপস্হিত হয় অসম আৰক্ষীৰ দক্ষিণ অসম ৰেঞ্জৰ ডি আই জি কংকনজ্যোতি শইকীয়া। কিন্তু এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত কোন দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular