spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকজলবায়ু পৰিৱৰ্তনৰ বিষম পৰিণতি! পুহতো জাৰে নকঁপালে অসমক

জলবায়ু পৰিৱৰ্তনৰ বিষম পৰিণতি! পুহতো জাৰে নকঁপালে অসমক

ডিজিটেল ডেস্ক : পূৰ্বৰ তুলনাত এইবাৰ অসমত নপৰিল শীত। ইয়াৰ বাবে বতৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকলে বিভিন্ন কাৰক আঙুলিয়াই দিছে। জলবায়ু ৰ এনে বৃহৎ পৰিৱৰ্তনত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ লোক।


বিশেষজ্ঞসকলৰ মতে এই বছৰ অসমত সেউজ আৱৰণৰ অভাৱ আৰু প্ৰদূষণকে ধৰি কেইবাটাও কাৰকৰ বাবে নিয়মিত ঠাণ্ডা নপৰিল। উল্লেখনীয়ভাৱে যোৱা ১০ জানুৱাৰীত গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৩ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা আছিল ২৬ ডিগ্ৰী চেলচিয়াছ।


গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত উজনি অসমত সৰ্বনিম্ন তাপমাত্ৰা অনুভৱ হৈছে। উজনি অসমৰ ভৌগোলিক অৱস্থানৰ বাবেই অঞ্চলটোত তাপমান গুৱাহাটী বা আন অঞ্চলতকৈ তুলনামূলকভাৱে কম অনুভূত হৈছে। উজনি অসম অঞ্চলটো নগালেণ্ড আৰু অৰুণাচলৰ পাহাৰে আগুৰি আছে আৰু ই অৰুণাচল প্ৰদেশৰ পাদদেশত অৱস্থিত। উজনিৰ তুলনাত নামনি অসমৰ অঞ্চলবোৰত অলপ গৰম অনুভূত হৈছে। আনহাতে এই দুই অঞ্চলৰ তুলনাত গুৱাহাটীত তাপমাত্ৰা সৰ্বাধিক বৃদ্ধি পাইছে। ১০ ডিচেম্বৰত গুৱাহাটীৰ নিম্নতম তাপমাত্ৰা সচৰাচতকৈ ৩ ডিগ্ৰী চেলচিয়াছ বাঢ়িছে আৰু সৰ্বাধিক তাপমাত্ৰা ৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে।


উজনি অসমত সৰ্বনিম্ন তাপমাত্ৰা আছিল প্ৰায় ১০-১১ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ। নিম্নতম তাপমাত্ৰা ০-৩ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে যদিও সৰ্বাধিক তাপমাত্ৰা বৃদ্ধি হোৱা নাই। নামনি অসম অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২-১৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা ২৫-২৬ ডিগ্ৰী চেলচিয়াছ। নামনি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা ০-৪ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে। উজনি অসমৰ দৰেই নামনিতো সৰ্বোচ্চ তাপমাত্ৰাৰ কোনো পৰিৱৰ্তন হোৱা নাই।


গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞান বিভাগৰ উপ-সঞ্চালক প্ৰধান ড০ সঞ্জয় অ’নিল শ্ব’য়ে কয়, ৰাজ্যজুৰি তাপমাত্ৰা বৃদ্ধিৰ আঁৰত কেইবাটাও কাৰক আছে। সেউজীয়া আৱৰণ দ্ৰুতগতিত হ্ৰাস, পাহাৰ কটা আৰু কম বৰষুণ হৈছে অসমত ব্যাপক জলবায়ু পৰিৱৰ্তন হোৱাৰ কেইটামান কাৰণ। তেওঁ লগতে কয় যে, গুৱাহাটীৰ উচ্চ প্ৰদূষণ তাপমাত্ৰা বৃদ্ধিৰ এক অন্যতম কাৰক।


অৱশ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই টুইটাৰযোগে উল্লেখ কৰিছে যে অহা ৫ দিনৰ বাবে ৰাজ্যখনৰ কেইখনমান জিলাত বৰষুণৰ আগজাননী দিয়া হৈছে। বৰষুণৰ লগতে ৰাজ্যখনত বজ্ৰপাত পৰিব পাৰে বুলিও সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই সময়ছোৱাতে ৰাজ্যৰ তাপমান পুনৰ কমিব বুলি ঠাৱৰ কৰা হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular