spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকমানৱ সভ্যতাৰ সমুখত বৃহত্‍ প্ৰত্যাহ্বান; আমাক ক’লৈ লৈ গৈ আছে কৰ’নাই?

মানৱ সভ্যতাৰ সমুখত বৃহত্‍ প্ৰত্যাহ্বান; আমাক ক’লৈ লৈ গৈ আছে কৰ’নাই?

ডিজিটেল ডেস্কঃ কৰ’না কৰ’না কেৱল কৰ’না। কৈ নো কৈ যেন ওৰকে নপৰা হৈছে কৰ’নাৰ কৰুণতম আখ্যান। নতুন নতুন ভেৰিয়েণ্টৰ প্ৰকোপত ভীতি-সন্ত্ৰস্ত সাধাৰণ জনতা। বিগত দুটাবছৰে সাধাৰণ জনতাৰ ৰাজহাড় কোঙা কৰি পেলোৱা কৰ’না নামৰ মাৰন ভাইৰাছবিধে এইবাৰ আকৌ ন-ৰূপত ভুমুকি মাৰিছে। দিনদিয়েক আগেয়ে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ আৱিৰ্ভাবে এতিয়া জলা-কলা খুৱাইছে সমাজৰ সকলো স্তৰৰ নাগৰিকক। ক’ভিড মহামাৰীৰ প্ৰথমটো ঢৌৰ পৰা সাধাৰণ জনতাই কঁকাল পোনাব লৈছিলহে কিন্তু বাট ভেটি ধৰিলেহি কৰ’নাৰ দ্বিতীয়টো ঢৌৱে।

প্ৰথমটো ঢৌৰ ক্ষতিপূৰণ আজিপৰ্যন্ত নাপালে সাধাৰণ নাগৰিকে, দ্বিতীয় ঢৌৰ কথালৈ নগ’লোৱেই যেনিবা। ইয়াৰ মাজতে শেহতীয়াকৈ দেখা দিয়া কৰ’নাৰ তৃতীয় ঢৌক লৈ উগ্বিগ্ন হৈ পৰিছে সচেতন মহলৰ লগতে সাধাৰণ জনতা।মূৰে-কপালে হাত দিছে নদাই-ভদাইয়ে। জীৱন-জীৱিকাৰ মাজত বাধা হৈ থিয় দিয়া কৰ’না নামৰ প্ৰাচীৰখনে টোপনি কাঢ়িছে খাটি খোৱা সাধাৰণ জনতাৰ। চৰকাৰে বিভিন্ন সময়ত কেতবোৰ কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। ভেকচিন প্ৰদানৰ পৰা আদি কৰি সাধাৰণ নাগৰিকক সু-স্বাস্থ্যৱান কৰি ৰখাৰ মানসেৰে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। অ’মিক্ৰনৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এদিন পূৰ্বে ক’ভিড বিধি সংলগ্ন নতুন এছঅ’পি ঘোষণা কৰিছে।

মূলতঃ প্ৰকাশ পোৱা ইখনৰ পাছত সিখন এছঅ’পিএ সাধাৰণ নাগৰিকৰ জীৱন বচোৱাত অৰিহণা যোগালেও, জীৱিকাৰ পথ যে স্তব্ধ কৰি পেলাইছে সেয়া ধূৰুপ। কেৱল ক্ষুদ্ৰ বা মজলীয়া ব্যৱসায়ীকে কৰ’নাই মাধমাৰ সোধোৱা নাই;সমাজৰ পুঁজিপতি লোকসকলৰ ক্ষেত্ৰতো কৰ’নাই বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িকয়াই আনিছে কৰ’নাই। দ্বিতীয়টো ঢৌৰ পাছত ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পূৰ্বৰ দৰেই আৰম্ভ হৈছিল। ৰাজ্যৰ শিক্ষাৰ্থীসকলেও লাভ কৰিছিল নতুন গতি। ন-উদ্যমেৰে বিদ্যালয়মুখী হৈছিল লাখ লাখ শিক্ষাৰ্থী।

পাছে ভাল দিনৰ সূৰ্যোদয় এই হওঁ হওঁ তাৰ মাজতে কৰ’না মহামাৰীৰ অবাধ বিচৰণে সকলো স্বপ্ন ধূলিস্যাত্‍ কৰি পেলোৱাত উদ্বিগ্ন হৈ পৰিছে শিক্ষাৰ্থীসকলো। শেহতীয়াকৈ অ’মিক্ৰনে তুলি ধৰা ছবিখনে কেৱল শিক্ষাখণ্ডকে নহয়। ইয়াৰোপৰি কেতবোৰ বিষয়ক চুই গৈছেহি। দিল্লী, মহাৰাষ্ট্ৰত দেখা দিয়া কৰ’নাৰ ভয়াৱহতাই ৰাজ্যৰ শ্ৰমিকসকলৰ ভৱিষ্যতো সন্দিহান কৰি তুলিছে। পুনৰ ঘৰমুৱা হ’ব নেকি প্ৰব্ৰজিত শ্ৰমিকসকল? ঘৰমুৱা হ’লেই যেনিবা কি কৰিব? কি খাব? এনে ধৰণৰ নানা চিন্তাই ভুমুকি মাৰিছেহি সচেতন নাগৰিকৰ মন-মাজুলীত। এই অন্তহীন হাহাকাৰৰ শেষ ক’ত? সাম্প্ৰতিক সময়ছোৱাত এয়াই যেন হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular