spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeৰাষ্ট্ৰীয়‘THE HIMALAYAN FILM FESTIVAL’ত সন্মানিত দুই অসম সন্তান, কোনে লাভ কৰিলে বিশেষ...

‘THE HIMALAYAN FILM FESTIVAL’ত সন্মানিত দুই অসম সন্তান, কোনে লাভ কৰিলে বিশেষ বঁটা?

ডিজিটেল ডেস্কঃ ‘MINISTRY OF INFORMATION & BROADCASTING’ৰ সহযোগত বিগত ২৪ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ লাডাখৰ লেহত অনুষ্ঠিত হোৱা ‘THE HIMALAYAN FILM FESTIVAL’ত সন্মানিত হৈছে দুই অসম সন্তান। বিগত বৰ্ষত ‘META(MAHINDRA EXCELLENCY THEATRE AWARD)’ বিজয়ী পৰিচালক ছাহিদু হকৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত ‘THE MUTE WATER’ নামৰ চুটি ছবিখনে ‘BEST SHORT STORY’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ এখন ছবি দাঙি ধৰা হৈছিল।

একেদৰে দিল্লী এনএছডিৰ স্নাতক বৰ্ণালী মেধিৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত অসমীয়া পাতিৰাভা ভাষাৰ ‘GO FOR ORGANIC’ নামৰ ছবিখনে ‘BEST SHORT FILM’ৰ সন্মান লাভ কৰে। লগতে তেওঁক এইবাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ‘SENIOR FELLOWSHIP’ সন্মানেৰেও সন্মানিত কৰা হয়। কেনেদৰে প্ৰদূষণ সৃষ্টিকাৰী প্লাষ্টিক উপদানসমূহৰ পৰিৱৰ্তে জৈৱিক সম্পদসমূহ ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়বস্তুৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল ‘GO FOR ORGANIC’ নামৰ ছবিখন।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular