spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকস্বামীয়ে উলিয়াই দিছিল ঘৰৰপৰা, আৰক্ষী, আইনৰ কাষ চাপিও বিমুখ মামণি, লোলুপ দৃষ্টি...

স্বামীয়ে উলিয়াই দিছিল ঘৰৰপৰা, আৰক্ষী, আইনৰ কাষ চাপিও বিমুখ মামণি, লোলুপ দৃষ্টি অধিবক্তাৰো!

ডিজিটেল ডেস্ক : অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ কেতিয়াবা যদি ৰাজপথত কেতিয়াবা আকৌ ঘৰৰ ভিতৰতে অসুৰক্ষিত মহানগৰবাসী৷ পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান মহানগৰীৰ খ্ৰীষ্টানবষ্টিৰ এবিচি৷ এইবাৰ নিজৰ ঘৰতে অকথ্য শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈছে এগৰাকী মহিলা। ঘটনাৰ সবিশেষ অনুসৰি, এগৰাকী মহিলাক ধন বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ চলাইছে তেওঁৰ স্বামীয়ে ৷ নিৰ্যাতন সহিব নোৱাৰি মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে যদিও কোনো সঁহাৰি লাভ নকৰাত এতিয়া সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে।


মহিলাগৰাকীৰ অভিযোগ অনুসৰি, স্বামী বিজয় ৰঞ্জন দাসে পত্নী মামণি দাসক ধন বিচাৰি চলাই গৈছে শাৰীৰিক তথা মানসিক অত্যাচাৰ৷ ১০ বছৰ পূৰ্বে বিজয় ৰঞ্জন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মামণি দাস৷ বিবাহপাশত আৱদ্ধ হোৱাৰ পাছৰ পৰাই মামণিৰ ঘৰৰ পৰা ধন দাবী কৰি আহিছিল বিজয় ৰঞ্জনে৷ আনকি বিজয়ে তেওঁলোকৰ এটা ফ্লেট বিক্ৰী কৰাৰ নামত প্ৰায় ৪৫ লাখ টকা মামণিৰ পৰা বিচৰাৰ অভিযোগ তুলিছে৷ লগতে মামনিৰ পিতৃৰ পৰাও নিজৰ ফ্লেটটো বিক্ৰীৰ বাবদ প্ৰায় ২৯ লাখ টকা ইতিমধ্যে আদায় লৈছিল৷ কিন্তু ২৯ লাখ টকা দিয়াৰ পাছতো মামণি দাসৰ পিতৃক বিজয় ৰঞ্জন দাসে ঘৰটোৰ কোনো কাগজ পত্ৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ বিজয়ক মামনি আৰু পৰিয়ালে টকা দিবলৈ অমান্তি হোৱাৰ পাছৰপৰাই মামণি দাসক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় স্বামীয়ে ৷

আনকি ২০১৯ চনতে মামণিক বিজয় ৰঞ্জনে উলিয়াই দিয়ে ঘৰৰ পৰা৷ বিগত তিনি বছৰে কিছুদিন স্বামী গৃহত আৰু কিছু দিন নিজৰ সৰু কন্যাৰ সৈতে ভাড়াঘৰত থাকি জীৱন পাৰ কৰিছে ভুক্তভোগী মামণি দাসে৷ স্বামী বিজয় ৰঞ্জন দাসৰ বিৰুদ্ধে মামণিয়ে ২০১৯ চনতে ভঙাগড় থানাত ৰুজু কৰিছিল গোচৰ৷ কিন্তু আৰক্ষীয়ে বিগত তিনিবছৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মহিলাগৰাকীৰ৷ আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপাই অৱশেষত ভুক্তভোগী মহিলাগৰাকী কাষ চাপিল সাংবাদিকৰ৷


মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি ন্যায় প্ৰদানৰ বাবে অনুৰোধ কৰে মহিলাগৰাকীয়ে৷ আনহাতে এজন অধিবক্তাৰ নামো উল্লেখ কৰে ভুক্তভোগী মহিলা গৰাকীয়ে৷ ছাৰফৰাজ খান নামৰ অধিবক্তাজনে ন্যায়ৰ বিপৰীতে অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰিছে মামণি দাসে৷ মহিলাগৰাকীয়ে স্বামী গৃহৰ প্ৰাপ্য আৰু সন্তানটিৰ দায়িত্ব ল’বলৈ প্ৰশাসনৰ ওচৰত বিছাৰিছে ন্যায়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular