spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকআইৰ মুখৰ ভাষাটো হেৰাই যাব, মাটিডোখৰ নাইকিয়া হ’ব...অসহায় হৈ এদিন কিয় উচুপি...

আইৰ মুখৰ ভাষাটো হেৰাই যাব, মাটিডোখৰ নাইকিয়া হ’ব…অসহায় হৈ এদিন কিয় উচুপি উঠিছিল কবি?

ডিজিটেল ডেস্ক : ‘আইৰ মুখৰ ভাষাটো হেৰাই যাব’…‘মাটিডোখৰ নাইকিয়া হ’ব…’, ‘ভেটিটো নাথাকিব…’ এদিন অসহায় হৈ উচুপি উঠিছিল এগৰাকী কবিয়ে। জাতি-মাটি আৰু ভাষাটোৰ পৰিচয় নিঃশেষ হৈ যোৱাৰ আশংকাত উচুপি উঠিছিল কবি। ক’বখোজা কথাবোৰৰ কণ্ঠ ৰোধ কৰিছিল সেই অসহায় উচুপনিয়ে। সুৱদি সুৰীয়া যি ভাষাৰ উৎকৰ্ষৰ বাবে কবিগৰাকীয়ে একপ্ৰকাৰ নিজৰ জীৱনটোকে উৎসৰ্গা কৰিছিল সেই অসমীয়া ভাষালৈ ৰাজনৈতিক অভিসন্ধিয়ে সংকট নমাই অনাৰ আশংকাত তেওঁ বাকৰুদ্ধ হৈ পৰিছিল।

ৰাজ্যত ‘নাগৰিকত্ব সংশোধনী আইন’বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়ত কবি নীলমণি ফুকনে এদিন উচুপি উঠিছিল। আইৰ মুখৰ ভাষাটো নাইকিয়া হ’লে জাতিটোৰো যে চিনমোকাম নাইকিয়া হ’ব সেই নিদাৰুণ সত্যক উপলব্ধি কৰি কবি ফুকনৰ বুকুৱে যেন হাহাকাৰ কৰিছিল। অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ সকলো নৃশংস-কৰুণ ঘটনাৰ প্ৰতি কাব্যিক সঁহাৰি জনাই অহা কবিগৰাকীয়ে এইবাৰ মুকলিলৈ আহ্বান জনাইছিল পাৰিলে জাতিটো ৰাখক, ভাষাটো ৰাখক, ৰাখক ঘৰটো আৰু ভেটিডোখৰ।

তেওঁৰ এই উচুপনিভৰা কাতৰ আহ্বানে সকলোকে সেই সময়ত শোকৰ এখন অটল সমু্দ্ৰলৈ নিক্ষেপ কৰিছিল। হাজাৰ প্ৰতিবাদ, পাঁচজনকৈ লোকৰ জীৱনপাতেও পিছে আমাৰ শাসকৰ বুকু কঁপাব নোৱাৰিলে। নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’ল। আৰু কবি নীলমণি ফুকনৰ সেই বুকু ভাঙি ওলাই অহা উচুপনিটো যেন ক’ৰবাত হেৰাই গ’ল। কিন্তু হেৰাই গ’ল জানো? যিগৰাকীৰ কবিৰ প্ৰতিটো শব্দই নিস্তৰংগ সময়ৰ বুকুতো ঢৌ তুলিব পাৰে সেই কবিৰ বুকুভেদি নিগৰা হুমুনিয়াহে জানো ক’তো খুন্দা নমৰাকৈ থাকিব পাৰে? আজি পুনৰ কবি নীলমণি ফুকনৰ সেই হুমুনিয়াহ, সেই উচুপনিৰ প্ৰতিধ্বনি শুনা গৈছে। যাৰ কৰ্মৰ গৰিমাৰে অসম উজলি উঠিছে তেওঁৰ এটা ইচ্ছা পূৰণ কৰি তেওঁক কৃতজ্ঞচা যঁচাৰ সাহস আমাৰ শাসকসকলৰ হ’বনে?


দীঘলীয়া অপেক্ষাৰ পাছত অসমীয়া সাহিত্যলৈ অহা বহুপ্ৰত্যাশিত সুখবৰে সকলোকে এতিয়া আহ্লাদিত কৰি তুলিছে। কিন্তু কবি নীলমণি ফুকনৰ উচুপনিটোক আওকান কৰিলে আমি তেওঁক কৃতজ্ঞতা জনোৱাৰ অধিকাৰো হেৰুৱাম। কিয়নো যিটো ভাষাৰ সমৃদ্ধি আৰু সুদূৰপ্ৰসাৰী বিস্তৃতিৰ বাবে তেওঁ জীৱনৰ পাঁচটাকৈ দশক পাত কৰিছিল সেই ভাষাটোকে আমি বিপদৰ মাজলৈ থেলি দিয়াৰ অধিকাৰ আছে জানো?

তৃতীয়গৰাকী অসমীয়া হিচাপে ‘জ্ঞানপীঠ’ পুৰস্কাৰ লাভ কৰা কবি নীলমণিৰ চকুৰ পানীক মূল্য দিব নাজানিলে অসমীয়া হোৱাৰ গৰ্বৰো আমি অংশীদাৰ হ’ব নোৱাৰিম। প্ৰায় সমগ্ৰ জীৱনটোৱেই ভাষা-সাহিত্যক জীয়ন দিয়াৰ বাবে উৎসৰ্গা কৰা কবিগৰাকীৰ প্ৰতি কৃতজ্ঞতাৰে অসমীয়া জাতিয়ে এবাৰ ন দি ক’ব পাৰিবনে ‘আইৰ মুখৰ ভাষাটো আমি জীয়াই ৰাখিম ঋষি… সকলো বিঘিনি প্ৰতিহত কৰি আমি আকৌ আইৰ হকে যুঁজিম… আপোনাৰ ত্যাগ আৰু আত্মনিৱেদনক আমি অথলে যাবলৈ নিদিওঁ…’। এক বিৰল স্বীকৃতিৰে অসমীয়া ভাষা আৰু জাতিৰ নাম বিশ্বতে উজলাই তোলা কাব্যঋষিক কৃতজ্ঞতা জনাবলৈ ইয়াতকৈ সুৱদি ভাষা আৰু কি হ’ব পাৰে?

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular