spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআন্তঃৰাষ্ট্ৰীয়১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ! অসমৰ পৰা হ’বনে দৃশ্যমান?

১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ! অসমৰ পৰা হ’বনে দৃশ্যমান?

ডিজিটেল ডেস্কঃ অহা ১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী।এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব। ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

১৯ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস নহয় আংশিক চন্দ্ৰগ্ৰহণ হে হ’ব কাৰণ চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত। ১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১-৩০ বজাত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব।

আৰু পঢ়কঃ জোঁৱায়েকে ফালিলে শাহুয়েকৰ মূৰ; চুবুৰীয়াই জোঁৱায়েকক ধৰি বান্ধি শোধালে মাধমাৰ

অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব। অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।উত্তৰ আমেৰিকাবাসীৰ সকলোতকৈ বেছি ভালকৈ এই বিৰল মহাজাগতিক পৰিঘটনা দেখাৰ সৌভাগ্য হ’ব। মেক্সিকোতো ভালদৰে দেখা পোৱা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular